নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জালুকবাৰীৰ দুই দিব্যাংগক মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ হুইল চেয়াৰ প্রদান

নিয়মীয়া বার্তা,২২ ফেব্রুৱাৰীঃ জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তর্গত শিঙিমাৰী গাঁও পঞ্চায়তৰ অধীনস্থ ১৯৪ আৰু ১৯৫ বুথৰ মানসজ্যোতি বর্মন আৰু কপাহী বর্মনক (দুয়োগৰাকী বিকলাংগ) স্থানীয় বিধায়ক তথা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দুখন হুইল চেয়াৰ কালি…

পুৰণিগুদামত উঁই হাফলুত ওলাল পঞ্চ নাগঃ ৰাইজৰ পূজা–অর্চনা

নিয়মীয়া বার্তা, ২২ ফেব্রুৱাৰীঃ শিৱৰাত্রিৰ দিনা নগাঁৱৰ পুৰণিগুদামত বিস্ময়কৰ ঘটনা ৷ আৱির্ভাৱ হ’ল পঞ্চমুখী নাগৰ ৷ পঞ্চমুখী নাগৰ আর্ৱিভাৱ দেখি স্থানীয় ৰাইজে আৰম্ভ কৰিলে পূজা–অর্চনা ৷ মহাশিৱৰাত্রি উপলক্ষে সমগ্র ৰাজ্যতে হৈছে পূজা–অর্চনা ৷…

শিৱৰাত্রিত মহাদেৱৰ আৰাধনাৰে মুখৰ মহানগৰী

নিয়মীয়া বার্তা, ২২ ফেব্রুৱাৰীঃ শুকুৰবাবে শিৱৰাত্রি পূজা৷ সমগ্র দেশৰ লগতে অসম তথা গুৱাহাটী মহানগৰীতো পুৱাৰে পৰা আৰম্ভ হৈছে পূজা–র্চনা৷ মহানগৰীৰ উমানন্দ মন্দিৰকে ধৰি সকলো মন্দিৰ আৰু দেৱালয়সমূহত পুৱাৰে পৰা ভক্তসকলে ভিৰ কৰা পৰিলক্ষিত হয়৷…

আর্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ গ্রন্থমেলাত মাতৃভাষা দিৱস উদযাপন

নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ আগশাৰীৰ শিক্ষানুষ্ঠান আর্য বিদ্যাপীঠ মহাবিদ্যালয়ত প্রথমবাৰৰ বাবে সপ্তাহজোৰা কার্যসূচীৰে অনুষ্ঠিত গ্রন্থমেলাত শুকুৰবাৰে মাতৃভাষা দিৱস উদ্যাপন কৰা হয়৷ মাতৃভাষা দিৱসৰ লগত সংগতি ৰাখি গ্রন্থমেলাত আয়োজন কৰা…

প্লাষ্টিকৰ আৱর্জনাৰে ভৰিছে ভৰলু

নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ প্রদূষণে ৰাজ্যৰ অন্যান্য প্রান্তৰ লগতে গুৱাহাটী মহানগৰীলৈও অশনি সংকেত কঢ়িয়াই আনিছে৷ গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষৰ অদূৰদর্শিতা আৰু মহানগৰীত বসবাস কৰা লোকসকলৰ মাজত সচেতনতাৰ অভাৱত দেশৰ ভিতৰত প্রদূষিত নদীৰ তালিকাত…

আজি প্রধানমন্ত্রীয়ে উদ্বোধন কৰিব খেলো ইণ্ডিয়া ইউনিভার্ছিটী গেমছ

নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ ওড়িশাৰ ভুবনেশ্বৰৰ জৱাহৰলাল নেহৰু ইনড’ৰ ষ্টেডিয়ামত প্রথমবাৰৰ বাবে অনুষ্ঠিত হ’ব খেলো ইণ্ডিয়া ইউনিভার্ছিটী গেমছ৷ আজি এই প্রতিযোগিতা উদ্বোধন কৰিব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ উল্লেখ্য যে এই বৃহৎ প্রতিযোগিতাত…

দেশজুৰি নহয় এনআৰচি প্রধানমন্ত্রী মোদীক সাক্ষাৎ কৰি উদ্ধৱ থাকৰেৰ মন্তব্য

নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ ৰাষ্ট্রীয় নাগৰিকপঞ্জী সমগ্র দেশতে ৰূপায়ণ নহয়৷– শুকুৰবাৰে নতুন দিল্লীত প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰাৰ পিছত মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰেই এই মন্তব্য কৰিছে৷ দেশৰ ৰাজধানী দিল্লীত উদ্ধৱ থাকৰেই…

খেলিব কোহলি–ছামি–ধাৱন–কুলদীপে

নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ জন্ম শতবার্ষিকী উপলক্ষে বাংলাদেশ ক্রিকেট ব’র্ডে অহা ১৮ আৰু ২১ মার্চত আয়োজন কৰা প্রদর্শনীমূলক টি–২০ত এছিয়া একাদশৰ হৈ খেলিব টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি, অ’পেনাৰ শিখৰ ধাৱন, তাৰকা…

ক্রিকেটৰ পৰা অৱসৰ প্রজ্ঞান ওজাৰ

নিয়মীয়া বাৰ্তা ২২ ফেব্রুৱাৰীঃ তৎকালীনভাৱে কার্যকৰী হোৱাকৈ আন্তর্জাতিকৰ লগতে প্রথম শ্রেণীৰ ক্রিকেটৰ পৰা অৱসৰৰ কথা ঘোষণা কৰিছে ভাৰতীয় ক্রিকেট দলৰ প্রাক্তন বাঁওহতীয়া স্পীনাৰ প্রজ্ঞান ওজাই৷ ২০০৮–২০১৩ চনৰ সময়ছোৱাত ২৪খন টেষ্ট, ১৮খন এদিনীয়া আৰু…

টেইলৰৰ বিশ্ব অভিলেখ

নিয়মীয়া বাৰ্তা ২২ ফেব্রুৱাৰীঃ দীঘলীয়া ক্রিকেট কেৰিয়াৰত আন এক অনন্য অভিলেখৰ গৰাকী হ’ল নিউজিলেণ্ডৰ তাৰকা বেটছমেন ৰ’ছ টেইলৰ৷ ভাৰতৰ বিৰুদ্ধে আৰম্ভ হোৱা প্রথম টেষ্টত খেলপথাৰত নামি তেওঁ শততম টেষ্ট খেলাৰ সৌভাগ্য অর্জন কৰে৷ মন কৰিবলগীয়া যে ক্রিকেটৰ…