নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জম্মুৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত ড্রোণ উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ মঙলবাৰে বিএছএফৰ সূত্রই জনাইছে যে, জম্মু জিলাৰ আৰনিয়া চেক্টৰত আন্তঃৰাষ্ট্ৰীয় সীমান্তত এখন কম উজনৰ ড্রোণ উদ্ধাৰ কৰা হৈছে। ইয়াৰ পাছতে ড্ৰোণখনৰ গৰাকীক বিচাৰি ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে বিএছএফে। ইফালে…

পৰেশ বৰুৱাক আলোচনালৈ আমন্ত্ৰণ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ সোমবাৰে ঐতিহাসিক বড়ো শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পাচতে মঙলবাৰে পুৱাৰ জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰে ৰাজ্য বিত্ত, স্বাস্থ্য, শিক্ষা আৰু গড়কাপ্টানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । বড়ো শান্তি চুক্তি আৰু…

যোৰহাটৰ পৰা দিল্লীলৈ বায়ুসেনাৰ চাইকেল ৰেলী

নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ ১৯৭৭ চনত যোৰহাটত সংঘটিত টি ইউ-১২৪ দুৰ্ঘটনাত বলিদান দিয়া বায়ুসেনাৰ বীৰ যুদ্ধাসকলক স্মৰণ কৰি 'এয়াৰ হেডকোৱাৰ্টাৰ কমিউনিকেঞ্চন স্কোৱাৰ্ডনে' অসমৰ যোৰহাটস্থিত দুৰ্ঘটনাথলীৰ পৰা দিল্লীৰ পালম লৈকে এক চাইকেল ৰেলীৰ আয়োজন…

আনুষ্ঠানিক সমাপ্তি ঘটিল বড়োলেণ্ড অথবা পৃথক ৰাজ্যৰঃ ড০ শৰ্মা

নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ মঙলবাৰে পুৱা জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰে ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা আৰু গড়কাপ্টানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । সোমবাৰে অনুষ্ঠিত হোৱা ঐতিহাসিক বড়ো চুক্তি সন্দৰ্ভত কেইটামান দিশ পৰ্যালোচনাৰ বাবে…

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় দঃ আফ্ৰিকাৰ অলৰাউণ্ডাৰ বেৰ্নোন ফিলেণ্ডাৰৰ

নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ সোমবাৰে ৩৪ বছৰীয়া দক্ষিণ আফ্ৰিকাৰ বেগী ব'লাৰ বেৰ্নোন ফিলেণ্ডাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে । ২০১১ চনত দক্ষিণ আফ্ৰিকা দলত স্থাল লাভ কৰা ফিলেণ্ডাৰে তেওঁৰ কেৰিয়াৰৰ অন্তিমখন মেচ ইংলেণ্ডৰ বিৰুদ্ধে…

জুইৰে আপুনিও কৰিব বিচাৰে নেকি চুলিৰ নতুন ষ্টাইল, চাওক ভিডিঅ’

নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ এখন বিশেষ চেলুন । চেলুনখনত চুলি কাটিবৰ বাবে এজন যুৱকৰ মূৰত দিয়া হৈছে জুই । অৱশ্যে চুলিত জুই ব্যৱহাৰ কৰি কেনেদৰে চুলি কটা হয় তাক লৈয়ো চৰ্চা চলিছে একাংশ যুৱকৰ মাজত । ছ'চিয়েল মিডিয়াত চুলি কটাৰ এই বিশেষ ভিডিঅ'…

গণৰাজ্য দিৱসঃ অসমৰ প্রতীকপট শ্রেষ্ঠ

নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ দেওবাৰে সমগ্ৰ দেশতে পালন কৰা হয় ৭১ সংখ্যক গণৰাজ্য দিৱস । লালকিল্লাত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ত্ৰিৰংগা উত্তোলন কৰাৰ পাছত ৰাজপথৰ পৰা লালকিল্লালৈ গণৰাজ্য দিৱস পেৰেড আয়োজন কৰা হয়৷ এই পেৰেডত দেশৰ সামৰিক শক্তি…

“বিটিএডিৰ সংখ্যাগৰিষ্ঠ জনগণক অন্ধকাৰত ৰাখি স্বাক্ষৰ কৰা হৈছে শান্তি চুক্তি”

এন ডি এফ বিৰ চাৰিটা গোট আৰু এবছুৰ লগত কেন্দ্ৰ-ৰাজ্য চৰাকাৰে শান্তি চুক্তি স্বাক্ষৰ কৰাৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ নৱ শৰণীয়াই । নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰ প্ৰক্ৰিয়া চলি থকাৰ…

ইউৰোপীয় সংসদত ‘কা’ৰ বিৰুদ্ধে উত্থাপন ছটাকৈ প্রস্তাৱ

নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ ভাৰতত নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী প্রতিবাদে উত্তাল পৰিস্থিতি সৃষ্টি কৰি থকা সময়তে ইউৰোপীয় সংসদে এই বিষয়টো সন্দর্ভত প্রস্তাৱ গ্রহণৰ যো–জা চলাইছে ৷ চলিত সপ্তাহত ‘কা’ বিৰোধী প্রস্তাৱৰ ওপৰত বিতর্ক চলোৱাৰ…

সুৰাৰ আড্ডাস্থলীত পৰিণত উজানবজাৰ

নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ গুৱাহাটীক দেশৰ অন্যতম পৰিষ্কাৰ মহানগৰ হিচাপে গঢ়ি তোলাৰ বাবে জিলা প্রশাসন তথা পৌৰ নিগমে যি সময়ত বিভিন্ন কার্যসূচী গ্রহণ কৰি সজাগতা বৃদ্ধিৰ প্রচেষ্টা অব্যাহত ৰাখিছে, সেই সময়তে উজানবজাৰস্থিত জি এম চি মার্কেট কদর্য…