নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত পুনৰ দিন ডকাইতিৰ ঘটনা

গুৱাহাটীঃ মহানগৰীৰ গীতানগৰত দিন ডকাইতিৰ ঘটনা। বেংকত জমা থ'বলৈ যাওতেই এজন লোকৰ পৰা লুটিলে প্ৰায় ৬লাখ টকা। এখন নীলা ৰঙৰ পালছাৰ বাইকত আহিছিল দুৰ্বৃত্তৰ দলটো। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।

মহানগৰীত ম’ম’ ফেষ্টিভেল

গুৱাহাটীঃ শীতৰ আগমনৰ লগে লগে চাহিদা বৃদ্ধি পায় ম'ম'ৰ। কণ কণ শিশুৰ পৰা বয়োজ্যেষ্ঠ সকলোৰেই প্ৰিয় ম'ম'। গতিকে খাদ্যৰসিক সকলোৱে বিভিন্ন সোৱাদৰ ম'ম'ৰ জুতিৰ লবৰ বাবে আয়োজন কৰা হৈছে ম'ম'ফেষ্টিভেল। শুকুৰবাৰৰ পৰা দেওবাৰলৈ খানাপাৰা পশু চিকিৎসা…

ৰাজ্যৰ শাক পাচলিৰ বজাৰত জুই

গুৱাহাটী ১৬ নৱেম্বৰঃ ক্ৰমাত আকাশলংঘী হৈছে শাক-পাচলিৰ মূল্য। সাধাৰণ জনতাই কিনিব নোৱাৰা হৈছে শাক-পাচলি। মধ্যভোগীক নিয়ন্ত্ৰণ কৰিব পৰা নাই যোগান বিভাগে। পিয়াঁজৰ মূল্য ৮০ টকালৈকে হৈছে। এই মূল্যবৃদ্ধিক নিয়ন্ত্ৰণ কৰাত সম্পূৰ্ণ ব্যৰ্থ যোগান বিভাগ।

ইন্দোৰ টেষ্টত বৃহৎ জয় ভাৰতৰ

নিউজ ডেস্ক ১৬ নৱেম্বৰঃ ইন্দোৰত অনুষ্ঠিত ভাৰত আৰু বাংলাদেশৰ মাজত প্ৰথম টেষ্ট ক্ৰিকেট মেচখনত ভাৰতে এক ইনিংছ আৰু ১৩০ ৰাণত জয় লাভ কৰিছে। এই জয়ৰ লগতে ভাৰতে টেষ্ট শৃংখলাত ১-০ বৃদ্ধি কৰিছে। ইন্দোৰ টেষ্টত বাংলাদেশে টছত জিকি বেটিং কৰকাৰ সিদ্ধান্ত…

সৰ্বকালৰ সকলো অভিলেখ ভংগ ৰত্নাকৰৰঃ এমাহত ৯ কোটি ২০ লাখৰ উপাৰ্জন

নিয়মীয়া বাৰ্তা , ১৬ নৱেম্বৰঃ অসমীয়া ছবিজগতৰ সুদিনতেই ৰত্নাকৰে ভংগ কৰিছে সৰ্বকালৰ অভিলেখ । ষষ্ঠ সপ্তাহত ভৰি দিয়া ৰত্নাকৰে কাঞ্চনজংঘা আৰু অসমত বাহুবলীৰ অভিলেখ ভংগ কৰিছে । বৰ্তমানলৈকে মুঠ ৯ কোটি ২০ লাখ টকাৰ উপাৰ্জন কৰিছে ৰত্নাকৰে । উল্লেখ্য…

ঢেকীয়াজুলিত ৰহস্যজনক গুলীচালনাৰ ঘটনা

ঢেকীয়াজুলিঃ বাণিজ্যনগৰী ঢেকীয়াজুলিত আজি সংঘটিত হয় এক ৰহস্যজনক গুলীচালনাৰ ঘটনা। ধীৰেণ ভূয়ৰ নামৰ লোকজনলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলী। এখন নম্বৰপ্লেট বিহীন বাইকত আহিছিল দুৰ্বৃত্তৰ দলটো। ঘটনাস্থলীত আৰক্ষীয়ে উদ্ধাৰ কৰে ৪জাঁই খালী কাৰ্টিজ।…

১৭ নৱেম্বৰত ভাৰত ভ্ৰমণলৈ ভূটানৰ বৈদেশিক মন্ত্ৰী

নিউজ ডেস্ক ১৬ নৱেম্বৰঃ ভূটানৰ বিদেশ মন্ত্ৰী তন্দী দৰজী অহা ১৭ নৱেম্বৰত ৫ দিনীয়া কাৰ্যসূচীৰে ভাৰত ভ্ৰমণলৈ আহিব। বিদেশ মন্ত্ৰালয়ৰ পৰা এক বিবৃত্তিক প্ৰকাশ যে ভূটানৰ বিদেশ মন্ত্ৰী দেওবাৰে পুৱা দিল্লীত উপস্থিত হ'ব আৰু বৈদেশিক সচিব বিজয় গোখলৰ লগত…

প্ৰসংগঃ দিল্লীৰ বায়ু প্ৰদূষণ, কেন্দ্ৰক ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

দিল্লীঃ দিল্লীৰ বায়ু প্ৰদূষণ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক ককৰ্থনা কৰি এসপ্তাহৰ ভিতৰত প্ৰদূষণমুক্ত কৰাৰ নিশ্চিত উত্তৰ দিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ অৰুণ মিশ্ৰ আৰু দীপক গুপ্তাৰ বিচাৰপীঠে দিল্লী চৰকাৰে প্ৰদূষণমুক্ত কৰিবলৈ…

অনুশীলনলৈ ধোনী

নিউজ ডেস্ক ১৬ নৱেম্বৰঃ বিশ্বকাপৰ ছেমিফাইনেলত পৰাজিত হোৱাৰ পিছৰে পৰা খেলপথাৰৰ পৰা আঁতৰি থকা টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে শুকুৰবাৰে অনুশীলনলৈ উভতে। গৃহ চহৰ ৰাঁচীৰ ঝাৰখণ্ড ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত তেওঁ দীৰ্ঘ সময় ধৰি নেট…

জুনিয়ৰ ক্ৰিকেটতো সম্পূৰ্ণৰূপে ব্যৰ্থ অসম

গুৱাহাটী ১৬ নৱেম্বৰঃ অসম ক্ৰিকেটৰ বাবে শুকুৰবাৰৰ দিনটো যেন আছিল কেৱল ব্য়ৰ্থতাৰ দিন। মুস্তাক আলী টি-২০ ত অসমৰ ছিনিয়ৰ দলটো পণ্ডিচেৰীৰ সন্মুখত পৰাস্ত হোৱাৰ সমান্তৰালকৈ ২৩ বছৰ অনূধৰ্ব পুৰুষ-মহিলা দল দুটায়ো শোচনীয় পৰাজয়ৰ সন্মুখীন হয়। কটকত চলি…