গুৱাহাটীঃ শীতৰ আগমনৰ লগে লগে চাহিদা বৃদ্ধি পায় ম’ম’ৰ। কণ কণ শিশুৰ পৰা বয়োজ্যেষ্ঠ সকলোৰেই প্ৰিয় ম’ম’। গতিকে খাদ্যৰসিক সকলোৱে বিভিন্ন সোৱাদৰ ম’ম’ৰ জুতিৰ লবৰ বাবে আয়োজন কৰা হৈছে ম’ম’ফেষ্টিভেল। শুকুৰবাৰৰ পৰা দেওবাৰলৈ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে এই ফেষ্টিভেল। প্ৰায় ২৫খন বিপনীয়ে অংশগ্ৰহণ কৰিছে এই ফেষ্টিভেলত। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ছিকিম, অৰুণাচল, মেঘালয়, ভূটান, দাৰ্জিলঙৰ ম’ম’ৰ সোৱাদ ল’ৱ পাৰিব আপুনি।
Prev Post
Next Post