নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেনজিং নর্গে বঁটাৰ পৰা নাম বাতিল নৰেন্দ্রৰ

নিয়মীয়া বার্তা, ৩০ আগষ্টঃ একাংশ প্রকৃত খেলুৱৈক ভাৰতৰ খেল মন্ত্রালয়ে ইমান দিনে চলাই অহা প্রতাৰণা, প্রৱঞ্চনাৰ প্রকৃত স্বৰূপটো অসম সন্তান পর্বতাৰোহী নৱ ফুকনে ডদঙাই দিয়াৰ পিছতেই এজন ভুৱা পর্বতাৰোহী সন্মান লাভৰ পৰা বঞ্চিত হ’বলগীয়া হোৱা ঘটনাই দেশৰ খেল জগতত আলোডনৰ সৃষ্টি কৰিছে৷ এই ভুৱা পর্বতাৰোহীজনৰ নাম হ’ল হাৰিয়ানাৰ নৰেন্দ্র সিং যাদৱ৷ উল্লেখ্য যে এভাৰেষ্ট শৃংগ অতিক্রম নকৰাকৈ এইগৰাকী নৰেন্দ্র সিং যাদৱৰ নাম শেহতীয়াকৈ দেশৰ খেল মন্ত্রণালয়ে ‘টেনজিং নর্গে নেচনেল এডভেঞ্চাৰ এৱার্ড–২০১৯’ৰ বাবে নির্বাচিত কৰাক লৈ সৰৱ হৈ পৰে অসম সন্তান তথা এভাৰেষ্ট শৃংগ আৰোহণকাৰী নৱ ফুকন৷ নৱ ফুকনে ভুৱা কাণ্ড পোহৰলৈ অনাৰ পিছতে সম্প্রতি সমগ্র দেশতেই এতিয়া চর্চালৈ আহিছে অসমৰ পর্বতাৰোহীজন৷

স্মর্তব্য যে যোৱা ২৪ আগষ্টত এভাৰেষ্ট শৃংগ আৰোহণকাৰী নৱ ফুকনে শিৱসাগৰ নগৰৰ প্রেছ ক্লাবত এক সংবাদ মেলৰ আয়োজন কৰি ভাৰত চৰকাৰে দুঃসাহসিক ক্রীডাৰ বাবে প্রদান কৰা বঁটা সন্দর্ভত কেতবোৰ বিস্ফোৰক মন্তব্য দাঙি ধৰিছিল৷ বিগত ২০১৬ চনত এভাৰেষ্ট শৃংগ আৰোহণ কৰা বহু দেশীয় দলটোৰ নেতৃত্বত থকা নৱ ফুকনে ২০১৯ চনৰ টেনজিং নর্গে বঁটাৰ বাবে হাৰিয়ানাৰ নৰেন্দ্র সিং যাদৱ নামৰ লোকজনক চৰকাৰে মনোনীত কৰাক লৈ তীব্র বিৰোধ প্রকাশ কৰি তেওঁ বঁটাৰ বাবে প্রদান কৰা সকলো তথ্য ভুৱা আৰু কম্পিডটাৰ বিকৃত বুলি অভিযোগ ডত্থাপন কৰিছিল৷ ফুকনে কৈছিল যে নৰেন্দ্র সিং যাদৱ ২০১৬ দলটোৰ সদস্য আছিল যদিও অক্সিজেনৰ অভাৱত এভাৰেষ্ট শৃংগ আৰোহণ কৰিব নোৱাৰিলে৷

তেনে এজন লোকক বঁটা প্রদানৰ বিৰোধিতা কৰি নৱ ফুকনে ঘটনাৰ ডচিত তদন্তৰ দাবী ডত্থাপন কৰিছিল৷ শিৱসাগৰত সম্বোধন কৰা এই সংবাদ মেলৰ তথ্য পিছদিনা ‘নিয়মীয়া বার্তা’ৰ লগতে ৰাষ্ট্রীয় সংবাদ মাধ্যমতো বিগত দুটা দিনত প্রকাশ পোৱাৰ লগতে বিষয়টো সন্দর্ভত টেনজিং নর্গেৰ পুত্র জেমলিং নর্গেই অসন্তুষ্টি প্রকাশ কৰাৰ লগতে বিখ্যাত পর্বতাৰোহী বাছেন্দ্রী পালৰ সমালোচনা প্রকাশ পাইছিল৷ ইয়াৰ পিছতে কালি কেন্দ্রীয় ক্রীডা মন্ত্রালয়ে টেনজিং নর্গে বঁটাৰ বাবে মনোনীত কৰা নৰেন্দ্র সিং যাদৱৰ নাম বাতিল কৰাৰ লগতে এক তদন্তৰ কথা ঘোষণা কৰে৷ ডল্লেখ্য যে আজি ডক্ত বঁটা ৰাষ্ট্রপতিয়ে প্রদান কৰাৰ কথা আছিল৷ আনহাতে, অসম সন্তান নৱ ফুকনে এনে জালিয়াতি ডন্মোচিত কৰাৰ ক্ষোভত নৰেন্দ্র সিং যাদৱে হাৰিয়ানাত নৱ ফুকনৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে৷

You might also like