নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম চৰকাৰৰ কৃষি বিভাগৰ শীৰ্ষ বিষয়াৰ তিতাবৰ আৰু মাজুলীৰ বীজ পাম পৰিদৰ্শন

নিয়মীয়া বাৰ্তা, ১৯অক্টোবৰ: যোৰহাট জিলা কৃষি বিভাগৰ অন্তৰ্গত তিতাবৰ কৃষি মহকুমাৰ মাধপুৰ কৃষি চক্ৰৰ এখন কৃষি বীজ পাম আজি পৰিদৰ্শন কৰে অসম চৰকাৰৰ কৃষি বিভাগৰ যুটীয়া সঞ্চালক (মাহজাতীয় শস্য) মৌচম হাজৰিকা, অসম বীজ নিগমৰ মহা প্ৰবন্ধক (বিপণন আৰু বাণিজ্য) হৰেন্দ্ৰ নাথ তালুকদাৰ আৰু অসম শস্য নিগমৰ শস্য পামৰ কাৰ্যবাহী কৈলাশ কৰ্মকাৰে। ৰাজ্যখনৰ কৃষকলৈ ৰাজসাহায্যযুক্ত আঁচনি তথা সুবিধা লৈ যোৱাৰ ক্ষেত্ৰত বিষয়া কেইগৰাকীৰ পৰিদৰ্শনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। ইতিমধ্যে কৃষিভূমি ভৰুণ আৰু সেউজী সুফলা কৰিবলৈ কৃষি বিভাগে অসম বীজ নিগমৰ জৰিয়তে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। বিষয়া কেইগৰাকীৰ পৰিদৰ্শন কালত ঠেঙাল কছাৰী পৰিষদৰ কাৰ্যনিৰ্বাহ সদস্য প্ৰতাপ কছাৰীৰ সৈতে কৃষি বীজ পাম সম্পৰ্কে এক আলোচনাত মিলিত হয়। উল্লেখযোগ্য যে বিষয়া কেইগৰাকীয়ে মাজুলীৰ কমলাবাৰীস্থিত এখন বীজ পাম পৰিদৰ্শন কৰিবলৈ আজি ৰাওনা হৈছে। কাইলৈ তেওঁলোকে পামখন পৰিদৰ্শন কৰিব। মাজুলীলৈ যোৱাৰ পথত অসম চৰকাৰৰ কৃষি বিভাগৰ শীৰ্ষ বিষয়া কেইগৰাকীয়ে যোৰহাট জিলা কৃষি বিভাগৰ যোৰহাট মহকুমা কৃষি বিভাগৰ উদ্যোগত, যোৰহাট জিলা কৃষাণ মৰ্চা আৰু অসম কৃষক পৰিষদৰ যোৰহাট জিলা সমিতিৰ সহযোগত বাহনা কৃষি উন্নয়ন চক্ৰৰ অন্তৰ্গত ৰংদৈ গোধা দলঙৰ সমীপৰ দলৌগুৰিত সম্পূৰ্ণ পৰম্পৰাগত পদ্ধতিয়ে আয়োজন কৰা কৃষি বিভাগৰ “আমাৰ কৃষি আমাৰ কৃষক আমাৰ অসম” শীৰ্ষক অনুষ্ঠানটিত অংশগ্ৰহণ কৰি যায়।
You might also like