নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

 গাহৰি পালনেৰে স্বাৱলম্বীতাৰ নিদৰ্শন গড়গৰাৰ সুমন হীৰাৰ

নিয়মীয়া বাৰ্তা, ১৯অক্টোবৰ: ৰাজ্যৰ একাংশ যুৱক-যুৱতীয়ে চৰকাৰী চাকৰিৰ পিছত দৌৰি বহুমূলীয়া সময় অপব্যয় কৰাৰ পৰিৱৰ্তে নিজৰ ঐকান্তিক প্ৰচেষ্টাৰে ব্যৱসায় তথা কৃষি কৰ্মত আত্মনিয়োগ কৰি আন দহজনৰ বাবে আদৰ্শ হৈ পৰিছে ৷ বিশেষকৈ নিজে স্বনিৰ্ভৰশীল হোৱাৰ লগতে আন দহজনকো কৰ্মমূখী যাত্ৰাৰ সংগী কৰি ল’বলৈ সক্ষম হৈছে ৷ তেনে এগৰাকী যুৱক হ’ল পশ্চিম গুৱাহাটী সমষ্টিৰ গড়গৰাৰ সুমন হীৰা ৷ এই গৰাকী যুৱকে গাহৰি পালনৰ জৰিয়তে স্বাৱলম্বিতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। ২০১২ চনত নিজৰ গাঁঠিৰ ধনেৰে যুৱকজনে আৰম্ভ কৰিছিল এখন গাহৰিৰ ফাৰ্ম। তাৰ পিছত গাহৰি পালনৰ বিভিন্ন প্ৰশিক্ষণ আদিও গ্ৰহণ কৰে। বৰ্তমান সুমনে ফাৰ্মখনৰ পৰা যথেষ্ট লাভবান হোৱাৰ সমান্তৰালভাৱে গাঁৱখনৰ আদৰ্শ গাহৰি পালক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। দহ বছৰ পূৰ্বে আৰম্ভ কৰা উক্ত ফাৰ্মখনত বৰ্তমানলৈ ২০টা পোৱালীৰ লগতে সৰ্বমুঠ ৩৫টা গাহৰি আছে। যুৱক জনে বৰ্তমানেও কোনোধৰণৰ ঋণ লোৱা নাই যদিও ফাৰ্মখনৰ পৰিসৰ বৃদ্ধি কৰাৰ বাবে বিশেষভাৱে আগবাঢ়িছে বুলি জানিব পৰা গৈছে। যুৱকজনৰ ফাৰ্মখনত অলপতে ৰাণীস্থিত আঞ্চলিক পশুধন উদ্যোমিতা আৰু ব্যৱস্থাপনা কেন্দ্ৰৰ বিষয়ববীয়া সীমা পেগুসহ এটি সজাতি দলে উপস্থিত হৈ পৰিদৰ্শন কৰি যুৱক জনৰ পৰা সবিশেষ বুজ লয় বুলিও জানিব পৰা গৈছে ৷ এইক্ষেত্ৰত যদিহে ৰাজ্যৰ কৃষি বিভাগৰ ফালৰ পৰা ইতিবাচক পদক্ষেপ গ্ৰহণ কৰে তেনেহলে এইসকল কৰ্মদ্যোমী যুৱকে আশাব্যঞ্জক ফল লাভ কৰিব বুলি আশা কৰিব পাৰি ৷
You might also like