নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তান ক্রিকেটত গৃহকন্দল

নিয়মীয়া বাৰ্তা, ২৭ জুন: পাকিস্তান ক্রিকেটত পুনৰ আৰম্ভ হৈছে গৃহকন্দল৷ এইবাৰ জ্যেষ্ঠ ক্রিকেটাৰ আৰু প্রাক্তন প্রশিক্ষকৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনিছে আহমেদ শ্বেহজাদে৷ তেওঁৰ অভিযোগ অনুসৰি বাবৰ আজমহঁতৰ দৰে ৰাষ্ট্রীয় দলৰ জ্যেষ্ঠ ক্রিকেটাৰসকলে নিবিচাৰে তৰুণ ক্রিকেটাৰসকলে সফলতা লাভ কৰক৷ নতুন ক্রিকেটাৰসকলে আন্তর্জাতিক পর্যায়ত সাফল্য লাভ কৰিলে জ্যেষ্ঠসকলৰ হিংসা হয়৷

উল্লেখ্য যে দীর্ঘদিন ধৰি দলৰ বাহিৰত আহিছে শ্বেহজাদ৷ ২০১৬ চনত পাকিস্তানৰ তৎকালীন প্রশিক্ষক ৱাকাৰ ইউনিছে হেনো তেওঁক ঘৰুৱা ক্রিকেট খেলাৰ পৰামর্শ দিছিল৷ ৰাষ্ট্রীয় দলৰ একতাক লৈ ভাৰতৰ উদাহৰণ দি শ্বেহজাদে কয় ‘মহেন্দ্র সিং ধোনী আৰু বিৰাট কোহলি দুয়োজনে আগশাৰীৰ ক্রিকেটাৰ৷ কিন্তু সকলো সময়তে তেওঁলোক পৰস্পৰৰ ওচৰত থাকে৷ এজনৰ সাফল্য আনজনে উপভোগ কৰে৷ আমাৰ দলৰ পৰিৱেশ তেনে নহয়৷ নিজৰ দলৰ খেলুৱৈসকলৰ সাফল্য বহুতে সহ্য কৰিব নোৱাৰে৷ জ্যেষ্ঠ ক্রিকেটাৰ দূৰৰ কথা, বহু প্রাক্তন ক্রিকেটাৰেও নিবিচাৰে তৰুণসকলে আন্তর্জাতিক পর্যায়ত সফলতা অর্জন কৰক৷’

You might also like