নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আছু নেতাৰ নৃশংস হত্যাৰ বিৰুদ্ধে মৰিগাঁও জিলা আছুৰ প্ৰতিবাদ 

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ কালি যোৰহাট চহৰৰ মাজমজিয়াত দিন দুপৰতে মানৱ সমাজক লজ্জানত ছাত্ৰ নেতা অনিমেশ ভূঞাক মৰিয়াই মৰিয়াই অতি নিৰ্মমভাৱে হত্যা কৰা ঘটনাৰ প্ৰতিবাদত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই সভাপতি দিপুল কুমাৰ নাথ আৰু সম্পাদক ৰূপজ্যোতি মেধিৰ নেতৃত্বত আজি মৰিগাঁৱৰ আছু কৰ্মী সকলে আজি চহৰৰ মাজমজিয়াত এক বিক্ষোভ কাৰ্যসূচী গ্ৰহণেৰে উক্ত ঘটনাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

মৰিগাঁও জিলা আছুৰ দাবী আৰক্ষীয়ে ২৪ ঘণ্টাৰ ভিতৰত উক্ত জঘন্য হত্যা কাণ্ডৰ লগত জড়িত প্ৰতিটো অভিযুক্তক কৰায়ত্ব কৰি ফাৰ্ষ্টট্ৰেক আদালতৰ জৰিয়তে কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰাৰ লগতে দোষীয়ে কোনো কাৰণত যাতে আইনৰ সুৰুঙা লৈ হাত সাৰিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ।

You might also like