নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডবকাৰ ৰাষ্ট্ৰীয় ঘাইপথত সন্ত্ৰাস চলোৱা দুই বাইকাৰ্ছক আটক

ডিজিটেল ডেস্ক, ১৩ জুলাই : ডবকাৰ ৰাষ্ট্ৰীয় ঘাইপথত সন্ত্ৰাস চলোৱা দুই বাইক চালকক আটক কৰিছে আৰক্ষীয়ে। ৰাষ্ট্ৰীয় ঘাইপথত বাইক ষ্টান্ট কৰাৰ দৃশ্য ভাইৰেল হৈছিল সামাজিক মাধ্যমত। এই দৃশ্য ভাইৰেল হোৱাৰ পাছত তৎপৰতা দেখুৱাই দুজনকৈ বাইক চালকক আটক কৰে আৰক্ষীয়ে।

আটকাধীন যুৱক দুজন ক্ৰমে হোজাইৰ বৰখুলাৰ ইকবাল হুছেইন আৰু নগাঁৱৰ ৰিকি বৰুৱা। দুয়োৰে পৰা দুখনকৈ বাইকো জব্দ কৰে আৰক্ষীয়ে।

You might also like