আন্তঃ মহাবিদ্যালয় কাৰাটেত চিনামৰা মহাবিদ্যালয়ৰ সাফল্য
চন্দ্ৰমা বৰা আন্তঃ বিশ্ববিদ্যালয় দলত নিৰ্বাচিত
নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰী: ডিব্রুগড়ৰ কানৈ মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা আন্তঃমহাবিদ্যালয় কাৰাটে প্রতিযোগিতাত আৰু ডিব্রুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা আন্তঃ বিশ্ববিদ্যালয় কাৰাটে প্রতিযোগিতাত চিনামৰা মহাবিদ্যালয়ে উল্লেখযোগ্য সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । উক্ত কাৰাটে প্ৰতিযোগিতাত চন্দ্ৰমা বৰাই কুমিটে শাখাত সোণ আৰু ৰূপৰ পদক অৰ্জন কৰি মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে । চন্দ্ৰমা বৰা চিনামৰা মহাবিদ্যালয়ৰ কলা শাখাৰ স্নাতক প্ৰথম ষন্মাসিকৰ ছাত্ৰী । আনহাতে, প্ৰতিযোগিতাখনত চিনামৰা মহাবিদ্যালয়ৰ কুলজিত বৰা আৰু হীৰামনি গগৈয়ে কুমিটে শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় । কুলজিত বৰা চিনামৰা মহাবিদ্যালয়ৰ স্নাতক কলা শাখাৰ তৃতীয় ষন্মাসিকৰ ছাত্র আৰু হীৰামনি গগৈ স্নাতক কলা শাখাৰ পঞ্চম ষন্মাসিকৰ ছাত্রী। তেওঁলোকে সম্প্ৰতি চিনামৰা মহাবিদ্যালয়ৰ কাৰাটে শাখা আৰু চিনামৰা কাৰাটে প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ।
ইফালে, আন্তঃ মহাবিদ্যালয় কাৰাটে প্ৰতিযোগিতাত দেখুওৱা পাৰদৰ্শিতাৰ ভিত্তিত চন্দ্ৰমা বৰাই অহা ১৭ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ ছত্তিশগড়ৰ বিলাসপুৰৰ এ বি ভি ভি বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’ব লগীয়া আন্তঃ বিশ্ববিদ্যালয় কাৰাটে প্ৰতিযোগিতাৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয় দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে । আনহাতে, মৰাণ মহিলা মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা আন্তঃ মহাবিদ্যালয় ক্ৰীড়া সমাৰোহৰ শক্তি উত্তোলন প্ৰতিযোগিতাত চিনামৰা মহাবিদ্যালয়ৰ স্নাতক পঞ্চম ষন্মাসিকৰ ছাত্ৰ বন নন্দন বৰুৱাই সোণৰ পদক দখল কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । তেওঁলোকৰ এই সাফল্যত চিনামৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অঞ্জন শইকীয়াই খেলুৱৈ কেইগৰাকীলৈ অভিনন্দন জ্ঞাপন কৰিছে । ছাত্ৰ ছাত্ৰী কেইগৰাকীৰ সফলতাই সমগ্ৰ অঞ্চলটোলৈ আনন্দৰ বতৰা কঢ়িয়াই আনিছে ।
দিব্যজ্যোতি শইকীয়া