নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰী: আগন্তুক ৭৪ তম গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত আজি ইং ৬ জানুৱাৰী ২০২৩, তাৰিখে নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভা-কক্ষত উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ মহোদয়ৰ অধ্যক্ষতাত এখনি সভা অনুস্থিত হয় । সভাত আগন্তুক গণৰাজ্য দিৱস উদযাপনত বিভিন্ন অনুষ্ঠান আয়োজন কৰা সন্দৰ্ভত বিস্তৃত ভাৱে আলোচনা কৰা হয় । সভাত আগন্তুক জিলা দিৱস উদযাপনৰ প্ৰস্তুতিৰ সন্দৰ্ভতো আলোচনা কৰা হয় ।

আজিৰ এই সভাত জিলাখনৰ অতিৰিক্ত উপায়ুক্ত সকল, আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়া সকলৰ লগতে জিলাখনৰ সকলো বিভাগৰে মুৰব্বী বিষয়া সকল , মুক্তি যুঁজাৰু সন্মিলনৰ বিষয়ববীয়া সকল, স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিনিধি সকল উপস্থিত থাকে ।

You might also like