নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলফা স্বাধীনত যোগদানৰ সন্দেহ জাগুনৰ সন্ধানহীন বিতোপন বৰাৰ

নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ ২নং ফানেং গাঁৱত চাঞ্চল্য। সোমাবাৰ পৰা সন্ধানহীন বিতোপন বৰা(২০) নামৰ এজন যুৱক। আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ পৰিয়ালৰ। সু শৰীৰে নিজা গৃহলৈ ঘূৰি অহাৰ আহ্বান মাতৃৰ। শেহতীয়াকৈ অসমৰ বিভিন্ন প্ৰান্তৰ যুৱক যুৱতী আলফা স্বাধীনত যোগদান কৰিবলৈ ঢাপলি মেলাৰ বাতিৰ প্ৰকাশ পাই থকাৰ সময়তে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত ২নং ফানেং গাঁৱৰ নিবাসী ললিত বৰা পুত্ৰ বিতোপন বৰা নামৰ যুৱকজন যোৱা সোমাবাৰ পৰা সন্ধানহীন হৈ থকা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে অঞ্চলটোত।

উল্লেখ্য যে যোৱা সোমবাৰে যুৱকজন জাগুন বজাৰলৈ এটা বেগ কিনিবলৈ বুলি ঘৰৰ পৰা ওলাই যাই, তাৰ পাছতে ঘৰলৈ বিতুপন ঘূৰি আহি সন্ধিয়া প্ৰায় ৫মান বজাত দদাইয়েকৰ পৰা এটা গৰম টুপী লৈ ঘৰৰ পৰা ওলাই যায়। তাৰ পাছৰে পৰা আজি পৰ্যন্ত কোনো খা খবৰ পাবলৈ নাই যুৱক জনৰ। শেষত পৰিয়ালৰ লোকে বুধবাৰে জাগুন আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে যুৱক জনৰ সন্দৰ্ভত। যুৱক জনৰ সন্দৰ্ভত বৰ্তমানলৈকে জাগুন আৰক্ষীও কোনো তথ্য সদৰী কৰিবলৈ সক্ষম হোৱা নাই। পৰিয়ালৰ মতে যুৱকজন যদি কেনেবাকৈ ভুলবশত আলফা স্বাধীনত যোগদান কৰিবলৈ গৈছে তেন্তে সোনকালে সুস্থ শৰীৰে নিজ গৃহলৈ ঘূৰি আহিবলৈ কাতৰ আহ্বান জনাইছে মাতৃয়ে। এই সন্দৰ্ভত যদি আলফা স্বাধীনৰ পৰেশ বৰুৱা অৱগত পুত্ৰক ঘৰলৈ ঘূৰাই পঠিয়াব লাগে বুলি পৰেশ বৰুৱা লৈ কাতৰ আহ্বান জনাছে বিতোপনৰ মাতৃয়ে।

You might also like