নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্ৰন্থই মানুহক অমৰত্ব প্ৰদান কৰেঃ মৃণালিনী দেৱী

নিয়মীয়া বাৰ্তা, ২৬ নবেম্বৰ : গ্ৰন্থই মানুহক সংস্কাৰ কৰিব পাৰে ।ই এখন সমাজ অথবা এটা জাতিক চিনাকি কৰি দিয়াই নহয় সু সংগৱদ্ধভাৱে আগুৱাই যোৱাত যুগে যুগে অৰিহণা যোগাই আহিছে ।আচলতে গ্ৰন্থ সমস্ত জগতৰ বাৰ্তা বাহক।গ্ৰন্থই মানুহক অমৰত্ব প্ৰদান কৰে । ইয়াৰ যোগেদি গোটেই পৃথিৱীখনকে চিনাক্ত কৰিব পাৰি । আজি শ্ৰীশ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাৰ প্ৰতিষ্ঠাত দিৱসৰ লগত সংগতি ৰাখি সভাই প্ৰকাশ কৰি উলিওৱা উদীয়মান কবি নীলোৎপল কলিতাৰ কাব্যগ্ৰন্থ ‘বাৰয়ুং’ উন্মোচন কৰি দিয়া ভাষণত এইদৰে কয় অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱীয়ে ।

ভাষণ প্ৰসংগত তেঁও আৰু কয়-আমি গ্ৰন্থ নিলিখা হ’লে,নপঢ়া হ’লে আমি বিশ্ব ব্ৰহ্মাণ্ডৰ কোনে ক’ত কি কৰি আছে নাজানিলোহেঁতেন।সেয়ে গ্ৰন্থ অবিহনে মানুহৰ জীৱন নিস্ফল ।তদুপৰি গ্ৰন্থই মানুহক সুচাৰুৰূপে জীয়াই থাকিবলৈ সমল যোগাই আহিছে । আনহাতে এগৰাকী উন্মোচক টংলা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক ঘটেশ্বৰ বৰুৱাই গ্ৰন্থ পৃথিৱীৰ আটাইতকৈ মহৎতম শব্দ বুলি উল্লেখ কৰি গ্ৰন্থ অধ্যয়নৰ জৰিয়তে মহান আৰু সংস্কৃত হ’ব পাৰি বুলি কয়।

উল্লেখ্য আজি কলাইগাঁৱৰ নিকটৱৰ্তী গণকপাৰা নামঘৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ অন্যতম শাখা শ্ৰীশ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাৰ ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। এই উপলক্ষে শ্ৰীশ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাৰ সভাপতি জিতেন্দ্ৰ কুমাৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি তথা গ্ৰন্থ উন্মোচনী সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি হৰেশ্বৰ কলিতাই ।

উদ্বোধনী ভাষণত কলিতাই শ্ৰীশ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাই নিৰৱচ্ছিন্নভাৱে অসমীয়া জাতি তথা সমাজ জীৱনৰ হৈ কাম কৰি অহাৰ উপৰি বিভিন্ন সময়ত গ্ৰন্থ প্ৰকাশৰ দৰে কাম সম্পাদন কৰি যুৱ প্ৰজন্মক সাহিত্য সংস্কৃতিৰ প্ৰতি উদ্বুদ্ধ কৰি কাৰ্যক গভীৰ শলাগ লয়।নিৰ্দিষ্ট বক্তাৰ ভাষণত সাহিত্যিক পেঞ্চনাৰ তথা শ্ৰীশ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ধৰণীধৰ মেধিয়ে শ্ৰীশ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাৰ প্ৰতিষ্ঠা কালৰ বিষয়ে ৰোমন্থন কৰাৰ লগতে সভাৰ সুদীৰ্ঘ ৪৮ বছৰীয়া গৌৰৱময় ইতিহাস আৰু বৰ্ণিল যাত্ৰাৰ বিষয়ে বিস্তৃত ব্যাখ্যা কৰে ।আমন্ত্ৰিত অতিথিৰ ভাষণত ওদালগুৰি জিলা সাহিত্য সভাৰ সম্পাদক ড৹ পবিত্ৰ শৰ্মাই শ্ৰীশ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাৰ উদগনিমূলক কাৰ্যাৱলী সমূহক শলাগ লোৱাৰ লগতে যুৱ প্ৰজন্মক সাহিত্য সভাৰ দৰে মহান জাতীয় অনুষ্ঠানৰ স’তে জড়িত হৈ অসমীয়া জাতিটোক মহীয়ান কৰি তুলিবলৈ আহ্বান জনায়।সভাত অৱসৰী অধ্যক্ষ জীৱন চন্দ্ৰ চহৰীয়া, বিশিষ্ট সমাজ কৰ্মী কমিৰাম চহৰীয়া,শ্ৰীশ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ভৱক চন্দ্ৰ বড়ো প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি অতিথি হিচাপে উপষ্ঠিত থাকে । মুকলি সভাৰ পূৰ্বে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে শ্ৰীশ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাৰ সভাপতি জিতেন্দ্ৰ কুমাৰ ডেকাই ।স্মৃতি তৰ্পণ কৰে প্ৰাক্তন সভাপতি আনন্দি শৰ্মাই।

You might also like