নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আহোমসকল খিলঞ্জীয়া নহয়, মিঞা মুছলমানসকলহে খিলঞ্জীয়া !

নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ “আহোমসকল খিলঞ্জীয়া নহয়, মিঞা মুছলমানসকলহে খিলঞ্জীয়া । আহোমসকল আহিছিল বিদেশৰ পৰা আৰু বাংলাদেশ তথা ম্যানমাৰৰ পৰাহে আহিছিল মুছলমানসকল ।” মঙলবাৰে ধিং সমষ্টিৰ এখন প্ৰতিবাদী সভাত অংশ লৈ এই বিতৰ্কিত মন্তব্য এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামৰ ।

সঘনাই বিতৰ্কৰ আওতাত সোমাই পৰা এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে খিলঞ্জীয়াৰ নতুন সংজ্ঞা দিবলৈ গৈ ক’লে- “আহোমসকল ম্যানমাৰ-চীন সীমান্তৰ য়ুনান প্ৰদেশৰ পৰা আহিছিল । যিটো কোনোদিন ভাৰতৰ অংগ নাছিল, সেইবাবেই তেওঁলোক বিদেশৰ পৰায়ে আহিছিল । যদি বিদেশৰ পৰা আহোমসকল খিলঞ্জীয়া হ’ব পাৰে তেন্তে অখণ্ড ভাৰতৰ অংগ বংগদেশৰ পৰা অহা মিঞা মুছলমানসকল কিয় খিলঞ্জীয়া হ’ব নোৱাৰে ?”

ইফালে যি ভূমিত প্ৰথম কোনোবাই গৈ বাস কৰে তেওঁ যদি খিলঞ্জীয়া, তেন্তে মিঞা মুছলমানসকলেই হ’ব প্ৰকৃত খিলঞ্জীয়া বুলি বিধায়ক গৰাকীয়ে মন্তব্য কৰি ক’লে যে- মুছলমানসকল যি ঠাইত আহি বাস কৰি আছে তাত পূৰ্বে কোনো জাতিয়ে বসবাস কৰা নাছিল ।

You might also like