নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ “দেশতকৈ মোমাই ডাঙৰ নহয়।” অসম আৰু অসমীয়াৰ হৈ মোগলৰ বিৰুদ্ধে শৰাইঘাটৰ যুদ্ধত নিজ পৰাক্ৰম ,বিৰত্ব আৰু স্বদেশ প্ৰেমৰ নিদৰ্শন দাঙি ধৰা আহোম স্বৰ্গদেউৰ সৰ্বকালৰ বিচক্ষণ সেনাপতি লাচিত বৰফুকনৰ আজি স্মৃতি দিৱস । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে আজি জোনাই চ্যাও-চেঙ-ৰেণত সদৌ তাই আহোম ছাত্ৰ সন্থা জোনাই আঞ্চলিক সমিতিৰ উদ্যোগত লাচিত দিৱস উদযাপন কৰা হয় । দিৱসৰ পুৱা ৮-৩০ বজাত ফুৰালুং সংঘ , তাই আহোম ছাত্ৰ সন্থা আৰু আহোম সভাৰ সভাপতি সকলৰ দ্বাৰা পতাকা উত্তোলনৰ পিছতে মৈদাম তৰ্পন কৰে জোনাই আঞ্চলিক সমিতিৰ তাই আহোম ছাত্র সন্থাৰ সম্পাদক বিনোদন বৰুৱাই, পুৱা ১০.৩০ বজাত জোনাই ফূৰালুং সংঘৰ দ্বাৰা টাই ধৰ্মীয় ৰীতিনীতিৰে আৰম্ভ হোৱা অনুষ্ঠানত টাইসকলৰ উপৰি পুৰুষসকলক শ্ৰদ্ধা জনায় বিভিন্নজনে I

ইপিনে আজি অনুষ্ঠিত হোৱা লাচিত দিৱসৰ কাৰ্যসূচীতে তাই আহোমৰ পৰম্পৰাগত প্ৰথাৰে পূজা অৰ্চনাৰে জোনাই মহকুমাৰ গান্ধী ময়দানত নৱনিৰ্মিত বীৰ বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি
উন্মোচন কৰা হয় I উন্মোচন কৰে সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সভাপতি লিটুল বুঢ়াগোঁহাই আৰু মিচিং স্বায়ত্ব-শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাঙে ৷ ইয়াৰ পিছতে মুকলি সভা অনুষ্ঠিত হয় ৷ মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সদস্য নৰেশ কুম্বাঙে সভাপতিত্ব কৰা মুকলি সভাত জোনাইৰ দহগৰাকী জ্যেষ্ঠ ব্যক্তিক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়৷

আজি সভাত মুখ্য অতিথি হিচাপে সদৌ অসম তাই আহোম ছাত্ৰ হন্থাৰ সভাপতি আৰু তাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ লিটুল বুঢ়াগোহাঁইয়ে কয়- আজিৰ এই লাচিত দিৱসত সকলোৱে মিলি লাচিত দিৱস উদযাপন নকৰিলে উদযাপন মুখে মুখে উদযাপন হৈ থাকিব আনফালে অসমীয়াগিৰি একোৱেই নাথাকিব বুলি বলিষ্ঠ বক্তব্য প্ৰদান কৰে ৷ তেওঁ বৰ্তমান অসম চৰকাৰক আহ্বান জনাই কয় যে লাচিত দিৱসৰ লগতে প্ৰতিটো দিৱসতে স্কুল কলেজ বন্ধ নিদি প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক এই বিষয়ত সম্যক জ্ঞান দিব লাগে যাতে ছাত্ৰ-ছাত্ৰী সকলেও স্পষ্টকৈ বুজি পায় যে শৰাইঘাট যুদ্ধত মোগলক পৰাস্ত কৰি বীৰ লাচিত বৰফুকনেহে অসমৰ সীমা নিৰ্ধাৰণ কৰিছিল ৷

You might also like