নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কার্বি আংলং স্বায়ত্ত পৰিষদৰ প্রতিষ্ঠা দিৱস

নিয়মীয়া বাৰ্তা, ২৬ জুন: পশ্চিম কার্বি আংলং জিলাত সৃষ্টি হ’ব ২৪০০টা নতুন পদ৷ নৱগঠিত জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগত তৃতীয় আৰু চতুর্থবর্গৰ এই পদসমূহ চলিত বিত্তীয় বর্ষৰ ভিতৰতে পূৰ কৰা হ’ব৷ দেশৰ ভিতৰতে পুৰণা স্বায়ত্ত পৰিষদ হিচাপে পৰিচিত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্রতিষ্ঠা দিৱসৰ দিনটোত এই কথা ঘোষণা কৰিছে পৰিষদখনৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে৷

 উল্লেখ্য যে স্বায়ত্ত পৰিষদখনে ইতিমধ্যে ৬৯টাকৈ গৌৰৱোজ্জ্বল বর্ষ গৰকিবলৈ সক্ষম হৈছে৷ প্রতিষ্ঠা দিৱস অনুষুটপিয়াকৈ আয়োজন কৰা হয় পৰিষদৰ সচিবালয়ৰ সভাগৃহত৷ পুৱাৰ ভাগত পতাকা উত্তোলনেৰে কার্যসূচীৰ শুভাৰম্ভ কৰি কার্বি আংলং জিলা গঠনৰ লগতে পৰিষদৰ প্রতিষ্ঠা কালৰ মহান নেতাসকলৰ প্রতিমূর্তিত শ্রদ্ধাঞ্জলি অর্পণ কৰা হয়৷ পিছত পৰিষদৰ সভাগৃহত অনুষ্ঠিত মুকলি সভাত পৰিষদখনে গ্রহণ কৰা বিভিন্ন উন্নয়নমূলক কাম–কাজৰ খতিয়ান দাঙি ধৰে মুখ্য কার্যবাহী ৰংহাঙে৷ তেওঁ কৰা ঘোষণা অনুসৰি এম অ’ এছ চুক্তি অনুসৰি শীঘ্রে কার্বি আংলঙত বোকাজান আৰু হাওৰাঘাট নামেৰে আন দুখন জিলা গঠন হ’ব৷ এই নতুন জিলা দুখনতো নিযুক্তিৰ সম্ভাৱনা থাকিব৷ পৰিষদখনৰ ২৬টা সমষ্টিতে উন্নয়ন ক্ষিপ্রতৰ কৰি তোলা বুলি উল্লেখ কৰি ইয়াৰ বাবে টীম কার্বি আংলং গঠন কৰা বুলিও তেওঁ মন্তব্য কৰে৷

ডিফু চহৰৰ সৌন্দর্যবর্ধনৰ কাম অহা নৱেম্বৰৰ ভিতৰত সম্পূর্ণ হ’ব বুলিও জনায় মুখ্য কার্যবাহীগৰাকীয়ে৷ প্রতিষ্ঠা দিৱসৰ কার্যসূচীত সাংসদ হৰেণছিং বে’ৰ উপৰি স্বায়ত্ত পৰিষদৰ কার্যবাহীসকল, চৰকাৰী বিষয়া আৰু স্থানীয় লোক উপস্থিত থাকে৷

You might also like