নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছেনিটাইজেচনৰ নামত প্রহসন পৌৰ নিগমৰ, দায়িত্বত থকা ৯১টা স্বেচ্ছাসেৱী সংগঠন ক’ত?

ক’ভিড–১৯ঃ গুৱাহাটীত ব্যাপক হাৰত বৃদ্ধি পাইছে সামাজিক সংক্রমণ

নিয়মীয়া বার্তা, ২৬ জুনঃ বিশ্বজুৰি মহামৰাৰীৰ ৰূপ লোৱা ক’ৰোনা ভাইৰাছৰ সামাজিক সংক্রমণ গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷ ক’ভিড–১৯ৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা প্রশাসনে ১১টাকৈ ৱার্ডত পুনৰ ১৪ দিনৰ বাবে লকডাউন ঘোষণা কৰিছে৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে আক্রান্ত অঞ্চল আৰু আৱাসিক এলেকাৰ লগতে মহানগৰীৰ বাট–পথ ছেনিটাইজেচন কৰাৰ বাবে চৰকাৰে নির্দেশ জাৰি কৰিছিল৷ চৰকাৰৰ নির্দেশ অনুসৰি গুৱাহাটী পৌৰ নিগমে কনঢেইনমেণ্ট জ’ন, ক’ভিড আক্রান্ত অঞ্চলত প্রতিদিনে ছেনিটাইজেচন কৰিব লাগে৷

কিন্তু গুৱাহাটী মহানগৰীত এতিয়া ছেনিটাইজেচন প্রক্রিয়া প্রহসনত পৰিণত হোৱাৰ উপক্রম ঘটিছে৷ কামৰূপ (ম) জিলাত পৰহি নিশালৈকে ৬৫৩জন লোক ক’ৰোনাত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে৷ সামাজিক সংক্রমণত ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যা প্রতিদিনে ব্যাপক হাৰত বৃদ্ধি পাইছে৷ কিন্তু ক’ভিড–১৯ৰ সংক্রমণ ৰোধৰ বাবে মহানগৰীৰ ছেনিটাইজেচন কৰাত ব্যর্থ হৈছে গুৱাহাটী পৌৰ নিগম৷ যোৱা ২৪ মার্চত দেশজুৰি প্রথম পর্যায়ৰ লকডাউন ঘোষণা হোৱাৰ পাছতে ক’ভিড–১৯ত আক্রান্ত হোৱাৰ সম্ভাৱনাৰ প্রতি লক্ষ্য ৰাখি মহানগৰীৰ বাট–পথ, চৰকাৰী কার্যালয়কে ধৰি বিভিন্ন স্থানত পৌৰ নিগমে ছেনিটাইজেচন কৰিছিল৷ গুৱাহাটী মহানগৰীত ক’ৰোনা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা দিনক–দিনে বৃদ্ধি পোৱাৰ পাছত পৌৰ নিগমে মহানগৰীত ছেনিটাইজেচন কৰিবলৈ ৯১টা এনজিঅ’ক দায়িত্ব দিছিল৷

গুৱাহাটী পৌৰ নিগমৰ ৬টা জ’নৰ অন্তর্গত অঞ্চলসমূহত বিভাগীয় অভিযন্তাৰ সহযোগত এই ছেনিটাইজেচন প্রক্রিয়া চলি আছে৷ কিন্তু পৌৰ নিগম কর্তৃপক্ষৰ হেমাহিৰ বাবে ক’ৰোনাৰ হটস্পট হিচাপে চিনাক্ত হোৱা অঞ্চলসমূহৰ বাহিৰে আন অঞ্চলসমূহৰ ছেনিটাইজেচন নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ গুৱাহাটী মহানগৰীত দিনক দিনে ক’ৰোনা ভাইৰাছত আক্রান্ত লোকৰ সমান্তৰালকৈ কনঢেইনমেণ্ট জ’নৰ সংখ্যাও বৃদ্ধি পাব ধৰিছে৷ বর্তমানলৈকে গুৱাহাটী মহানগৰীত জিলা প্রশাসনে ৩ শতাধিক কনঢেইনমেণ্ট জ’ন ঘোষণা কৰিছে৷

এই কনঢেইনমেণ্ট জ’নসমূহত পৌৰ নিগমে ছেনিটাইজেচন কৰাটো বাধ্যতামূলক৷ ইয়াৰ উপৰি ক’ৰোনা ভাইৰাছৰ সামাজিক সংক্রমণ ৰোধ কৰিবলৈ জনসমাগম হোৱা অঞ্চলসমূহতো ছেনিটাইজেচন কৰাটো অতি দৰকাৰী৷ বর্তমান গুৱাহাটীত দুখন বৰুণ বাহন, ৬খন অগ্নিনির্বাপক বাহিনীৰ গাড়ী, ২২০টা স্প্রে মেচিনকে ধৰি প্রয়োজন সাপেক্ষে অগ্নিনির্বাপক বাহিনীয়ে যোগান ধৰা অতিৰিক্ত গাড়ীৰে পৌৰ নিগমে ছেনিটাইজেচন প্রক্রিয়া অব্যাহত ৰাখিছে৷ কিন্তু পৌৰ নিগম কর্তৃপক্ষৰ হেমাহিৰ বাবে গাড়ী সোমাব নোৱাৰা অঞ্চলসমূহত এনজিঅ’সমূহে ছেনিটাইজেচন কৰা নাই৷

বিভাগীয় হেমাহিৰ বাবেই ছেনিটাইজেচন প্রক্রিয়াত আহি পৰা স্থবিৰতাই গুৱাহাটী মহানগৰীত ভয়াৱহ ৰূপত বৃদ্ধি পোৱা সামাজিক সংক্রমণ ৰোধত হেঙাৰ হিচাপে থিয় দিয়া বুলিও সচেতন লোকসকলে মন্তব্য কৰিছে৷ উল্লেখ্য যে গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষক বিভিন্ন অঞ্চলৰ ৰাইজে ছেনিটাইজেচন নকৰা বুলি অভিযোগ দাখিল কৰিছে৷ কিন্তু পৌৰ নিগম কর্তৃপক্ষই এইক্ষেত্রত কোনো গুৰুত্ব প্রদান কৰা নাই৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে প্রতিদিনে অঞ্চল বিশেষে ছেনিটাইজেচন কৰাৰ লগতে সমগ্র মহানগীৰত ছেনিটাইজেচন কৰাটো অত্যন্ত জৰুৰী বিষয় হিচাপে বিবেচিত হৈছে৷ এইক্ষেত্রত জিলা প্রশাসনে কি ব্যৱস্থা গ্রহণ কৰে সেয়াও লক্ষণীয় হ’ব৷

You might also like