নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাস্ক পৰিধান নকৰা লোকক জৰিমনা, ৰাজপথত অভিযান এডিজিপিৰ

নিয়মীয়া বার্তা, ২৬ জুনঃ ক’ৰোনাৰ ভয়াৱহ সামাজিক সংক্রমণ ৰোধৰ বাবে গুৱাহাটী মহানগৰীত ১১টা ৱার্ডত লকডাউন ঘোষণা কৰিছে৷ কিন্তু এই অঞ্চলসমূহত লকডাউনৰ নীতি–নির্দেশনা উলংঘা কৰি একাংশ লোকে চলা–ফুৰা কৰি অহা পৰিলক্ষিত হৈছে৷ কালি গুৱাহাটী মহানগৰীৰ বেলতলাকে ধৰি বিভিন্ন স্থানত এডিজিপি জি পি সিং আৰু হৰমিৎ সিঙে অভিযান চলায়৷

এই অভিযানত লকডাউনৰ নীতি–নিয়ম উলংঘা কৰা বহু লোকক জৰিমনা বিহাৰ লগতে ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ প্রতি ৰাখি মাস্ক পৰিধান কৰাৰ লগতে সজাগ হৈ থাকিবলৈ আহ্বান জনায়৷ লক্ষণীয় যে একাংশ লোকে মাস্ক পৰিধান নকৰাকৈ মহানগৰীৰ বিভিন্ন স্থানত চলা–ফুৰা কৰি আহিছে৷ মাস্ক পৰিধান নকৰা লোকৰ পৰা এতিয়ালৈকে গুৱাহাটী মহানগৰীত ১৪ লাখৰো অধিক টকা জৰিমনা সংগ্রহ কৰিছে আৰক্ষীয়ে৷

You might also like