নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেঞ্চাৰ ৰোগীলৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্যৰ চেক বিতৰণ মৃণাল শইকীয়াৰ

নিয়মীয়া বাৰ্তা ৫ জুন: কৰ্কট ৰোগত আক্ৰান্ত হোৱা ৰোগীক মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ পৰা আৰ্থিক সাহাৰ্য প্ৰদান কৰে বিধায়ক মৃণাল শইকীয়াই । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই খুমটাই সমষ্টিৰ পৰা আবেদন কৰা ৪ গৰাকী কৰ্কট ৰোগীক আৰ্থিক ভাৱে সকাহ দিয়াৰ উদ্দেশ্যে প্ৰদান কৰে চিকিৎসা সাহাৰ্য । খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াক আৱেদন কৰা লোক কেইজনক আজি বিধায়ক মৃণাল শইকীয়াই ঘৰে ঘৰে গৈ মুখ্যমন্ত্ৰীৰ চেক বিতৰণ কৰে ।

আনহাতে কৰ্কট ৰোগী চাৰিগৰাকীৰ ওপৰিও এগৰাকী বিশেষভাৱে সক্ষম লোকৰ ভৰিৰ অস্ত্ৰোপ্ৰচাৰ আৰু আন এগৰাকীক উচ্চ শিক্ষাৰ বাবে মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ পৰা আৰ্থিক সাহাৰ্য প্ৰদান কৰে ।

উল্লেখযোগ্য যে, যোৱা ৪ জুনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক বিধায়ক মৃণাল শইকীয়াই লোক কেইগৰাকীৰ আৱেদন পত্ৰ প্ৰদান কৰাৰ মাত্ৰ দুঘণ্টাৰ ভিতৰতে চিকিৎসা সাহাৰ্য আৰু শিক্ষা সাহাৰ্যৰ চেক মজুত কৰি বিধায়ক মৃণাল শইকীয়াৰ হাতত অৰ্পন কৰাত সকলোৰে মাজত চৰ্চাৰ বিষয় হৈ পৰিছে । কিয়নো আজিলৈকে কোনো চৰকাৰী কাম এমাহৰ ভিতৰত হোৱা নাছিল কিন্তু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সকলো ধাৰণা সলনি কৰি মাত্ৰ দুঘণ্টাৰ ভিতৰতে ছয়খনকৈ চেক মজুত কৰি দিয়া বিষয়টোৱে সম্প্ৰতি চৰকাৰখনৰ প্ৰতি জনচক্ষুত আশাৰ বাৰ্তা কঢ়িয়াই আনিছে ।

You might also like