নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্ৰীয় চৰকাৰৰ উচ্চ পৰ্যায়ৰ দলৰ চিৰাং জিলাৰ ক্ষতিগ্ৰস্ত বানপীড়িত অঞ্চল পৰিদৰ্শন

নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰঃ কেন্দ্ৰীয় চৰকাৰৰ উচ্চ পৰ্যায়ৰ এটি দলে আজি চিৰাং জিলাৰ বিজনী মহকুমাত বিগত বানে ক্ষতিগ্ৰস্ত কৰা ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে বিজনী মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ত এক পৰ্যালোচনা সভাত অংশ গ্ৰহণ কৰে ৷ কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব মণীষ তেৱাৰীৰ নেতৃত্বত অহা তিনিজনীয়া দলটোৱে চিৰাং জিলাৰ বিজনী মহকুমাত আইনৈয়ে ক্ষতিগ্ৰস্ত কৰা  খুজুৰাপগুৰি গাঁৱৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিদৰ্শন কৰে ৷

চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা বাৰিষাৰ সময়ত কিদৰে ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হয় আৰু এই বানে কেনেদৰে ক্ষতি কৰে তাৰ ওপৰত জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ লগতে বিজনীৰ মহকুমাধিপতি দিবাকৰ নাথৰ পৰা সবিশেষ জানিব পাৰে ৷ জিলাখনৰ খুজুৰাপগুৰিত সম্প্ৰতি জলসম্পদ বিভাগৰ দ্বাৰা ৰূপায়ণ কৰা প্ৰতিৰোধী বান পৰিদৰ্শন কৰাৰ পাছত মণীষ তেৱাৰীৰ নেতৃত্বৰ দলটোৱে বিজনী মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভা কক্ষত আয়োজিত এক বানপানী সন্দৰ্ভত পৰ্যালোচনা সভাত অংশ লয় ৷ এই সভাত চিৰাং জিলাৰ বিগত বানত ক্ষতিগ্ৰস্ত ক্ষয় ক্ষতিৰ তথ্যৰ ওপৰত  জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে শ্ৰব্য দৃশ্য তথ্যৰে আলোচনা দাঙি ধৰে ৷

ইপিনে বঙাইগাঁও জিলাৰ উপায়ুক্ত ডাঃ এম এছ লক্ষ্মী প্ৰিয়াই বঙাইগাঁও জিলাৰ ঠাই বিশেষে হোৱা বানপানীৰ ক্ষয় ক্ষতি ওপৰত শ্ৰব্য দৃশ্য তথ্যৰ জৰিয়তে প্ৰকাশ কৰে | বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ উচ্চ পৰ্যায়ৰ কেন্দ্ৰীয় চৰকাৰৰ দলটোৰ কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ উপ সচিব ৰূপক কুমাৰ তালুকদাৰ, কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ৰ উপ সচিব সীমিত গোৱেল, চিৰাঙৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, বঙাইগাওঁ জিলাৰ উপায়ুক্ত ডাঃ এম এছ লক্ষ্মী প্ৰিয়া, চিৰাঙৰ অতিৰিক্ত উপায়ুক্ত তথা বিজনীৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি দিবাকৰ নাথ, বিজনীৰ ৰাজহ চক্ৰ বিষয়া মাৰিয়া তানিম সহ স্বাস্থ্য, বান নিয়ন্ত্ৰণ, জলসম্পদ, বিদ্যুত, মীন, সমাজ কল্যাণ বিভাগৰসহ কেবাটাও বিভাগৰ মূৰব্বী বিষয়া সকল উপস্থিত থাকে ৷

Input: বৰ্ণালী তালুকদাৰ, বিজনী

You might also like