নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইগৰাকী অভিনেত্ৰীৰ বিৰুদ্ধে ৫০ কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰিলে শিল্পা চেট্টী আৰু স্বামী ৰাজ কুন্দ্ৰাই

নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰঃ  বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টী আৰু তেওঁৰ স্বামী ৰাজ কুন্দ্ৰাই অভিনেত্ৰী শ্বেৰলিন চোপ্ৰাৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছে। শেহতীয়াকৈ শ্বেৰলিন চোপ্ৰাই শিল্পা আৰু ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল। ৰাজ কুন্দ্ৰা আৰু শিল্পা চেট্টীৰ বিৰুদ্ধে মানসিক নিৰ্যাতন আৰু প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰিছিল অভিনেত্ৰী শ্বেৰলিনে।

টাইমছ অৱ ইণ্ডিয়াৰ মতে কোনো প্ৰমাণ অবিহনে আৰু মিছা বিবৃতি দিয়াৰ বাবে ৰাজ কুন্দ্ৰা আৰু শিল্পা চেট্টীয়ে শ্বেৰলিন চোপ্ৰাৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰাৰ কথা প্ৰকাশ কৰিছে। বিবৃতিত কৈছে, “শ্বেৰলিন চোপ্ৰাৰ দ্বাৰা ৰাজ কুন্দ্ৰা আৰু শিল্পা চেট্টীৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ কোনো প্ৰমাণ অবিহনে মনেগঢ়া, মিছা, ভুৱা আৰু ভিত্তিহীন। যাৰবাবে আমি শ্বেৰলিন চোপ্ৰাৰ বিৰুদ্ধে ৫০ কোটি টকাৰ মানহানিৰ গোচৰ আবেদন কৰিছো।”

You might also like