নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোকৰাঝাৰত বিষাক্ত কাঠফুলা ভক্ষণ কৰি অসুস্থ দুই যুৱক চিকিৎসাধীন 

নিয়মীয়া বাৰ্তা, ৭ মে’: কোকৰাঝাৰ জিলাত বিগত দুটা দিনত পৃথকে পৃথকে বিষাক্ত কাঠফুলা ভক্ষণ কৰি দুগৰাকীকৈ যুৱক গুৰুতৰভাৱে অসুস্থহৈ  চিকিসাৎধীন হৱ লগা ঘটনা সংঘটিত হৈছে ৷ এওলোক দুজন ক্ৰমে অনিল স্বৰ্গিয়াৰীয়ে (৪৮) আৰু ছানছুমা ব্ৰহ্মই (৪৭) বুলি পৰিয়ালৰ সূত্ৰত প্ৰকাশ ৷  উল্লেখ্য যে,বিষাক্ত কাঠফুলা ভক্ষণ কৰি চিকিৎসাধীন হোৱা প্ৰথমটো ঘটনা সংঘটিত হয় জিলাখনৰে কচুগাওৰ বৰনগৰ গাৱত ৷ উক্ত গাৱৰে যুৱক অনিল স্বৰ্গিয়াৰীয়ে বজাৰৰ পৰা কাঠফুলা ক্ৰয় কৰি ভক্ষণ কৰাত  নিশাই পেটৰ বিষত আক্ৰান্তহৈ কচুগাও উপ স্বাস্থ্য কেন্দ্ৰত ভৰ্তি হৱ লগা হয় ৷অৱশ্যে পৰবৰ্তী তেওঁক উন্নত চিকিৎসাৰ বাৱে আজি কোকৰাঝাৰ আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন কৰা হয় ৷ আনপিনে দোতমাৰ শামঠাইবাৰী গাৱতো যুৱ ছাত্ৰ নেতা ছানছুমা ব্ৰহ্মই যোৱা কালি নৈশ ভোজৰ ব্যঞ্জণত বিষাক্ত কাঠফুলা সেৱন কৰি গুৰুতৰভাৱে অসুস্থ হোৱাত তেওক আজি পূৱাই কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত অনা হয় যদিও চিকিৎসকৰ দলে উন্নত চিকিৎসাৰ বাৱে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে ৷ জানিৱ পৰা মতে, ছানছুমা ব্ৰহ্ম দোতমা আঞ্চলিক এৱছুৰ এগৰাকী মুখপাত্ৰ আছিল ৷
You might also like