নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাবাইটাৰী জাতীয় বিদ্যালয়ত আৰক্ষীৰ উদ্যোগত চিত্ৰাংকণ প্ৰতিযোগিতা

নিয়মীয়া বাৰ্তা, ৭ মেঃ ৰাষ্ট্ৰপতিৰ ‘নিচান’ সন্মানেৰে সন্মানিত হব অসম আৰক্ষী । অহা ১০ মে’ত অসম আৰক্ষীয়ে ৰাষ্ট্ৰপতিৰ এই বিশেষ সন্মান লাভ কৰাৰ পৰিপ্ৰেক্ষিতত বঙাইগাঁও জিলাৰ যোগীঘোপা আৰক্ষীৰ দ্বাৰা যোগীঘোপাত চলিছে ব্যাপক সজাগতা অভিযান । এই অভিযানৰ অংশ হিচাপে যোগীঘোপাৰ ব্যক্তিগত খণ্ডৰ অগ্ৰণী শিক্ষানুষ্ঠান কাবাইটাৰী জাতীয় বিদ্যালয়ত আজি যোগীঘোপা আৰক্ষীৰ উদ্যোগত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয় । ৰাষ্ট্ৰ্ৰপতিৰ বিশেষ সন্মান সম্পৰ্কে সজাগত সৃষ্টিৰ উদ্দেশ্যে বিদ্যালয়খনত আয়োজিত চিত্ৰাংকন প্ৰতিযোগিতাত বিদ্যালয়খনৰ তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহন কৰে । চিত্ৰাংকণ প্ৰতিযোগিতাত বিদ্যালয়খনৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী মাফুজা ছাবিয়া প্ৰথম স্থান, চতুৰ্থ শ্ৰেণীৰ শ্ৰেণীৰ ছাত্ৰী নিবেদিতা বিশ্বাস দ্বিতীয় স্থান আৰু তৃতীয় শ্ৰেণীৰ ছাত্ৰী নিহাৰিকা ৰয়ে তৃতীয় স্থানৰ পুৰস্কাৰ লাভ কৰে । উক্ত অনুষ্ঠানত যোগীঘোপা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া থোনজং চনথ সিং , উপ পৰিদৰ্শকদ্বয় ক্ৰমে ৰঞ্জন মোছৰাং আৰু প্ৰিয়ংকা শৰ্মা , বিদ্যালয়খনৰ অধ্যক্ষ গৌতম দাসৰ লগতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী , অভিভাৱক-অভিভাৱিকা সকল উপস্থিত থাকে ।।

You might also like