নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বিলঙৰ মাওলাইত পৰিষ্কাৰ অভিযানত নামিল মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা

নিয়মীয়া বাৰ্তা, ৭ মে’: মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই শনিবাৰে শ্বিলঙৰ উমচোহলাং হ্ৰদৰ পৰিষ্কাৰ অভিযানত অংশগ্ৰহণ কৰে। উল্লেখ্য যে এই পৰিষ্কাৰ অভিযানটো মাওলাইৰ পাঁচটা অঞ্চলত পৰিচালনা কৰা হৈছিল, যি শ্বিলঙৰ জৈৱ বৈচিত্ৰ্য ব্যৱস্থাপনা সমিতিয়ে আয়োজন কৰিছিল।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই পাঁচটা অঞ্চলৰ গুৰুত্বপূৰ্ণ জলসম্পদ সংৰক্ষণৰ বাবে মাওলাই গোটৰ সম্প্ৰদায়সমূহৰ এই প্ৰচেষ্টাক প্ৰশংসা কৰে।

You might also like