নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে কি ব্যৱস্থা লৈছে অসম চৰকাৰে ? ক’লে বিত্তমন্ত্ৰী ড০ শৰ্মাই

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ চীনত ভয়ংকৰ ৰূপ ধাৰণ কৰা ক’ৰোনা ভাইৰাছৰ সংক্রমণ বিশ্বৰ বিভিন্ন দেশলৈ সংক্রমিত হৈছে ৷ লগতে ক’ৰোনা ভাইৰাছৰ সংক্রমণত এতিয়ালৈকে প্ৰায় অৰ্ধ শতাধিক লোকে প্রাণ হেৰুৱাইছে চীনত ৷

পিচে এই মাৰাত্মক ক’ৰোনা ভাইৰাছ সন্দৰ্ভত ৰাজ্য চৰকাৰে কেনে ব্যৱস্থা লৈছে সেই বিষয়ে অৱগত কৰিলে ৰাজ্যৰ বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । সাংবাদিকৰ সৈতে হোৱা মতবিনিময়ত মন্ত্ৰীগৰাকীয়ে কয়- ক’ৰোনা ভাইৰাছৰ ওপৰত ভাৰত চৰকাৰে যিখিনি প্ৰট’কল দিছে ভাইৰাছ বিধৰ বিৰুদ্ধে যুজিবলৈ সেয়া ইতিমধ্যে আৰম্ভ হৈছে । গুৱাহাটী বিমান বন্দৰতো এই মাৰাত্মক ভাইৰাছৰ নিৰীক্ষণ আৰম্ভ কৰা হৈছে । বৰ্তমানলৈকে অসমত ক’ৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰা নাই । কিন্তু সজাগতা আৰু সতৰ্কতামূলক ব্যৱস্থা আমি গ্ৰহণ কৰিব লাগিব বুলি মন্ত্ৰী ড০ শৰ্মাই মন্তব্য কৰে ।

You might also like