নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত বজাৰে বজাৰে খাদ্য সামগ্ৰীৰ মানদণ্ড পৰীক্ষা খাদ্য সুৰক্ষা বিভাগৰ

নিয়মীয়া বাৰ্তা:১২নবেম্বৰঃ ৰাজ্যৰ খাদ্য সুৰক্ষা বিভাগে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সৰ্বসাধাৰণ ৰাইজে বজাৰৰ পৰা ক্ৰয় কৰা খাদ্য সামগ্ৰী মান পৰীক্ষা কৰাৰ বাবে হাতত লৈছে ‘ফুড ছেফ্টি অন্ হুইলচ’ নামৰ এক বিশেষ ব্যৱস্থা। তাৰেই অংশৰূপে এখন গাড়ীত খাদ্য সামগ্ৰীৰ মান নিৰ্ধাৰণ কৰা বিভিন্ন সঁজুলিৰে বিভাগটোৱে বজাৰে বজাৰে গৈ পৰীক্ষা কৰিছে গাখীৰ, চাউল, ডালি আদিকে ধৰি অন্যান্য খাদ্য সামগ্ৰী। যোৱা সোমবাৰৰ পৰা বঙাইগাওঁ, কোকৰাঝাৰ, বিজনী আদি স্থানৰ বজাৰত খাদ্য সামগ্ৰী পৰীক্ষা কৰাৰ পিছত সেই পৰীক্ষাগাৰবাহী বিশেষ গাড়ীখনেৰে খাদ্য সুৰক্ষা বিভাগৰ এটি দলে আজি ধুবুৰীৰ বিভিন্ন বজাৰত গৈ খাদ্য সামগ্ৰীৰ নমুনা সংগ্ৰহ তথা পৰীক্ষা কৰা দেখা যায়।

input: অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী

You might also like