নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলগাছিয়া নৱজ্যোতি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰতিষ্ঠাপক অধ্যক্ষ আব্দুছ ছাত্তাৰ আহমেদৰ পৰলোক

নিয়মীয়া বাৰ্তা, ১০ নৱেম্বৰঃ কলগাছিয়া নৱজ্যোতি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰতিষ্ঠাপক অধ্যক্ষ আব্দুছ ছাত্তাৰ আহমেদৰ আজি পুৱতি নিশা ৩ বজাত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়। অৱসৰপ্ৰাপ্ত অধ্যক্ষগৰাকীৰ মৃত্যুত ৰাজ্যখনৰ বিভিন্ন জিলাত গুনমগ্ধৰ লগতে বৃহত্তৰ কলগাছিয়া অঞ্চলৰ ছাত্ৰ ছাত্ৰী, অভিভাৱক, সাংবাদিক, সৰ্বসাধাৰণ ৰাইজৰ মাজত শোঁকৰ ছাঁ বিৰাজ কৰিছে। তেখেতৰ মৃত্যুত বৰপেটাৰ বৰপেটাৰ সাংসদ আব্দুল খালেক, ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল, প্ৰাক্তন সাংসদ ছিৰাজ উদ্দিন আজমল, বিধায়ক ৰফিকুল ইছলাম, নৱজ্যোতি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ছাহজাহান আলী আহমেদ, নৱজ্যোতি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ ও অসম লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য এম মোজ্জামিল হুছেইনে, অসম আল আমিনা ট্যুৰচ এণ্ড ওমৰাহ হজ্ব ট্ৰেভেলচৰ অধ্যক্ষ ও জেষ্ঠ্য সাংবাদিক আলহাজ আব্দুল হাই, বৰপেটা জিলা এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক আস্ৰাফুল মামুন, কলগাছিয়া মহকুমা সাংবাদিক সন্থাৰ সভাপতি ছাইফুল ইছলাম, মূখ্য সম্পাদক মফিদুল ইছলাম, ৰূপসী আঞ্চলিক পঞ্চায়তৰ সভাপতি জাকিৰ হুছেইন, বিশিষ্ট সমাজ কৰ্মী ও কলগাছিয়া মহকুমা সাংবাদিক সন্থাৰ উপদেষ্টা আতোৱাৰ ৰহমান, বিশিষ্ট সমাজ কৰ্মী ইদ্ৰিছ আলী আহমেদ, ৰূপসী ব্লক কংগ্ৰেছ, এ আই ইউ ডি এফৰ জনীয়া সমষ্টি কমিটি, কলগাছিয়া কাৰবাৰী সন্থা, খৰিচালাৰ ঘূগুবাৰী যুৱক সংঘ আৰু কলগাছিয়া ক্ৰিকেট ক্লাৱেও শোক প্ৰকাশ কৰিছে।

ইফালে বামুনটাৰী, বালাগাওঁ, চেনীমাৰী, মইনবৰী, বৰপেটা, বাঘবৰ, মন্দিয়া, বালিকুৰি, গুইলেজা, গুনিয়ালগুৰি, জনতা, চাকলা, নাম্বাৰপাৰা, কীৰ্তনপাৰা, লেংটিছিঙা আদি অঞ্চলতো অধ্যক্ষ গৰাকীৰ মৃত্যুত শোকৰ ছা বিৰাজ কৰিছে। ১৯৭১ চনত কলগাছিয়া নৱজ্যোতি মহাবিদ্যালয়খন স্থাপন কৰাৰ সময়ৰ পৰাই মহাবিদ্যালয় খন গঢ়ি তোলাৰ ক্ষেত্ৰত দেহেকেহে শাৰীৰিক, মানশিক ভাৱে চেষ্টা কৰে। তেখেতৰ চেষ্টাৰ ফলত নৱজ্যোতি মহাবিদ্যালয় গঢ়লৈ উঠে আৰু এই মহাবিদ্যালয় খনৰ পৰাই হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী জ্ঞাপনৰ পোহৰ পাবলৈ সক্ষম হয়। তেখেতৰ মৃত্যুৰ সময়ত পত্নী, দুজনী ছোৱালী আৰু বহু আত্মীয় স্বজন ও গুনমগ্ধক ইহ সংসাৰত এৰি থৈ যায়। আজি দিনৰ ডেৰ বজাত ধৰ্মীয় ৰীতি নীতিৰে কলগাছিয়া ৰাজহুৱা কবৰস্থানত জানাজা সম্পন্ন কৰা হয়।

input: মফিদুল ইছলাম,কলগাছিয়া  

You might also like