নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত আম আদমি পাৰ্টিৰ যোগদান সভা

নিয়মীয়া বাৰ্তা, ১৫মে’: আজি নগাঁও শ্বহীদ ভৱনত আম আদমি পাৰ্টিৰ এখন সাংগঠনিক সভা অনুষ্ঠিত হয় ৷ নগাঁও শ্বহীদ ভৱনত অনুষ্ঠিত সভাত আম আদমি পাৰ্টিৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰা হয় ৷ জিলা সমন্বয়ক ৰূপম শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত পাৰ্টিৰ বহুকেইজন জেষ্ঠ নেতাই অংশগ্ৰহণ কৰে৷ জিলা সম্পাদক যুগান্ত বৰাই উদ্দেশ্য বাখ্যা কৰা সভাখনত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ সন্দৰ্ভতো আলোচনা কৰা হয় ৷ সমাগত পঞ্চায়ত নিৰ্বাচনত নগাঁও জিলাৰ প্ৰতিটো পঞ্চায়ততে আম আদমি পাৰ্টিয়ে প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে ৷ আজি এই সভাতেই বিভিন্ন দলৰ ২০ গৰাকী লোকে আম আদমি পাৰ্টিত যোগদান কৰে ৷ সভাত পাৰ্টিত জেষ্ঠ নেতা মোহিত শইকীয়া, অধিবক্তা নৰুল হুছেইন, জামাল উদ্দিন চৌধুৰী আদিয়ে অংশগ্ৰহন কৰি আম আদমি পাৰ্টিৰ সংগঠন শক্তিশালী কৰি তুলিবৰ বাৱে দলীয় কাৰ্যকতাসকলক আহ্বান জনায় ৷ ভাষণ প্ৰংসগত তেওঁলোকে কয় যে- আম আদমি পাৰ্টিয়ে দুৰ্নীতি মুক্ত অসম গঢ়াৰ লক্ষ্যৰে অসমত সাংগঠনিক কাম -কাজ চলাই আছে ৷

You might also like