নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইদেউত অঘটনঃ বিদ্যালয়ৰ লঘু আহাৰ খাই অর্ধশতাধিক ব্যক্তি অসুস্থ, চিকিৎসাধীন

নিয়মীয়া বাৰ্তা, ২৩ আগষ্টঃ চৰাইদেউ জিলাৰ অন্তৰ্গত দিৰৈ ৰাঙলী অঞ্চলৰ গড় চাৰিআলি আদর্শ বিদ্যাপীঠত যোৱা ২০ আগষ্টত ‘প্ৰেৰণা’ পোহৰৰ পম খেদি’ নামৰ অনুষ্ঠানৰ উদ্যোগত আৰু বিদ্যালয় কর্তৃপক্ষৰ আতিথ্যত এক ব্যতিক্রমী অনুষ্ঠান অনুষ্ঠিত হৈ যায় । উক্ত অনুষ্ঠানটোত বিদ্যালয়খনৰ ছাত্ৰ – ছাত্ৰীসকলৰ উপৰি স্থানীয় বিদ্যালয়সমূহৰ সৈতে শতাধিক ছাত্র – ছাত্রী উপস্থিতিৰ লগতে বিদ্যালয়ৰ কৰ্তৃপক্ষ , আয়োজকবৃন্দ , অভিভাৱক , অভিভাৱিকাসকল উপস্থিত আছিল অনুষ্ঠানটোৰ জৰিয়তে ছাত্ৰ – ছাত্ৰীসকলক প্রাধান্য দি শৈক্ষিক , সাংস্কৃতিক , সামাজিক , ক্রীড়া আদিৰ ক্ষেত্ৰত সঠিক পথৰ সন্ধান দিবলৈ চেষ্টা কৰাই অনুষ্ঠানটোৰ মূল লক্ষ্য আৰু উদ্দেশ্য হোৱাত স্থানীয় ৰাইজে প্ৰশংসাৰে ওপচাই পেলাইছিল ।
ইফালে আয়োজক সমিতিয়ে সকলোকে অনুষ্ঠানটি চলি থাকোতে লঘু আহাৰ প্ৰদান কৰিছিল । আয়োজক সমিতি , বিদ্যালয় কর্তৃপক্ষ , ছাত্ৰ – ছাত্ৰীৰ প্রায় অর্ধশতাধিকে উক্তদিনা সন্ধিয়াৰ পৰা অসুস্থ হ’ব লগা হোৱাত অনুষ্ঠানটোত লঘু আহাৰ হিচাপে ব্যৱহাৰ কৰা বুটত অজ্ঞাতে কোনো বিষাক্ত পদার্থ মিহলি আছিল বুলি সন্দেহ প্ৰকাশ কৰিছে আয়োজক আৰু স্থানীয় ৰাইজে । উল্লেখযোগ্য যে অনুষ্ঠানটোত উপস্থিত থকা এগৰাকী গৰ্ভৱতী মহিলা বর্তমানে ডিমৌ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । আয়োজক আৰু স্থানীয় ৰাইজে অৱগত কৰাত পাটসাঁকো প্রাথমিক স্বাস্থ্য কেন্দ্রই অসুস্থতাৰ বিষয়টো আজি আবেলি বুজ লোৱা বুলি জানিব পৰা গৈছে । স্থানীয় ৰাইজৰ মাজত হঠাতে এক আতংকময় পৰিৱেশৰ সৃষ্টি হোৱাত অসম চৰকাৰৰ যোগান বিভাগ আৰু স্বাস্থ্য বিভাগক এনেধৰণৰ খাদ্য সামগ্ৰীসমূহ পৰীক্ষা কৰাৰ পাছতহে বিক্ৰীৰ বাবে অনুমতি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে ।
You might also like