নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিছামৰাত মিচিং স্বায়ত্তশাসিত পৰিষদৰ পুঁজিৰে নিৰ্মাণ সম্পূৰ্ণ কৰা আঁচনি উদ্বোধন 

নিয়মীয়া বাৰ্তা,২৩ আগষ্টঃ মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৬ নং সানজাৰি নৌগৌৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ২ নং জয়পুৰ গাঁৱৰ পৰা হস্তিনাপুৰ গাঁৱৰ পথত ২০২১-২০২২ বিত্তীয় বৰ্ষৰ বিশ লাখ (২০,০০০০০) টকাৰ পুঁজিৰে এখন পদপথ দলং নিৰ্মাণৰ শুভ উদ্বোধন কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ উন্নয়ন, ভূমি সংৰক্ষণ বিভাগৰ কাৰ্য্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰীয়ে। আঁচনিখন ফিটা কাটি উদ্ধোধন কৰি দিয়া চমু ভাষনত মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য গৰাকীয়ে কয় মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৬ নং সানজাৰি নৌগৌৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মিছামৰা গাওঁ পঞ্চায়তৰ জয়পুৰ আৰু হস্তিনাপুৰ সংযোগী পথৰ চেৰেণ নদীৰ ওপৰত পকী দলং নথকাৰ বাবে মিছামৰা অঞ্চলবাসী ৰাইজৰ যাতায়তত সুদীৰ্ঘ বছৰ ধৰি বহু সমস্যাৰ সৃষ্টি হৈ আহিছিল।মিচিং স্বায়ত্তশাসিত পৰিষদে অন্যান্য আঁচনি ৰূপায়ণ কৰি অহাৰ সমান্তৰালভাৱে গ্ৰাম্য অঞ্চলৰ যাতায়ত ব্যৱস্থা উন্নত কৰিবলৈ নিৰন্তৰভাৱে প্ৰয়াস চলাই আহিছে আৰু এই আঁচনিখনে মিছামৰা অঞ্চলৰ ৰাইজৰ যাতায়ত ব্যৱস্থা বহু সুচল কৰিব বুলি বক্তব্য আগবঢ়ায়। শুভ উদ্ধোধনী অনুষ্ঠানত সন্মিলিত গণ শক্তি, অসম দলৰ মিছামৰা আঞ্চলিক সমিতিৰ কেবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে।
You might also like