নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ত দিব্যাংগ চিনাক্তকৰণ শিবিৰ সম্পন্ন

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰ: চৰাইদেউ জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু জিলা স্বাস্থ্য বিভাগৰ সহযোগত কালি চৰাইদেউ জিলাৰ ৰজাপুখুৰীস্থিত অসামৰিক চিকিৎসালয়ত এটি দিব্যাংগ চিনাক্তকৰণ শিবিৰ সম্পন্ন হয়। এই উদ্দেশ্যে অভয়পুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ অংগনবাড়ী কৰ্মী-সহায়িকা আৰু মুখ্য সেৱিকাসকলে এক জৰীপৰ জৰিয়তে প্ৰায় দুই শতাধিক দিব্যাংগ ব্যক্তিৰ অনন্য দিব্যাংগ পৰিচয় পত্ৰৰ বাবে নিৰ্ধাৰিত ৰাষ্ট্ৰীয় পৰ্টেলত আবেদন কৰায়। এই শিবিৰত এনেদৰে আবেদন জনোৱা মুঠ ১০৯ জন দিব্যাংগ ব্যক্তিৰ পৰীক্ষা কৰা হয় । জিলা স্বাস্থ্য বিভাগৰ বিশেষজ্ঞ চিকিৎসক ক্ৰমে ডাঃ ৰেহানুদ্দিন শ্বেখ, ডাঃ আশা শইকীয়া, ডাঃ ৰশ্মিৰেখা দত্ত, ডাঃ গডমেন এচ. আৰু ডাঃ জাহাংগীৰ লস্কৰে এই শিবিৰত উপস্থিত থাকি দিব্যাংগ ব্যক্তিসকলৰ পৰীক্ষা কৰে। এই বিশেষজ্ঞ চিকিৎসকৰ দলটিক বিশেষভাৱে সহযোগিতা কৰে জিলা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ সোণালী চেতিয়াই ।পৰৱৰ্তী পৰ্যায়ত জিলাখনৰ অন্য তিনিটা সংহত শিশু উন্নয়ন প্ৰকল্পতো দিব্যাংগ চিনাক্তকৰণ শিবিৰ অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে ব্যৱস্থা কৰা হৈছে। অভয়পুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত আজি পুনৰ অৱশিষ্ট দিব্যাংগ ব্যক্তিসকলৰ বাবে এই শিবিৰ অনুষ্ঠিত হ’ব।  দিব্যাংগ চিনাক্তকৰণ শিবিৰত সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া জাহ্নৱী গোস্বামী, অভয়পুৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া মিৰান্দা সোনোৱাল আৰু মুখ্য সেৱিকাবৃন্দ, পোষণ অভিযানৰ জিলা সমন্বয়ক দ্বীপেন বৰুৱা, প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ জিলা কাৰ্যক্ৰম সমন্বয়ক নৱজ্যোতি গগৈকে প্ৰমুখ্য কৰি বিভাগীয় বিষয়া-কৰ্মচাৰীবৃন্দ আৰু অংগনবাড়ী কৰ্মী- সহায়িকাসকল উপস্থিত থাকে।

You might also like