নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁৱৰ গ্ৰামীণ ছাহাৰাৰ মহিলা কৃষক সমাৰোহৰ বছৰেকীয়া অনুষ্ঠানৰ সফল সামৰণি

নিয়মীয়া বাৰ্তা, ৮ মে : ৰাজ্যৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গ্ৰামীণ ছাহাৰাৰ যোৱা পৰহিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ছয়গাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি বিকাশ কেন্দ্ৰত বাৰ্ষিক মহিলা কৃষক সমাৰোহ খন যোৱাকালি সফল সামৰণি পৰে । অনুষ্ঠানৰ আৰম্ভণীতে গ্ৰামীণ ছাহাৰাৰ পৰিচালন সঞ্চালক শৰৎ দাসে বন্তি প্ৰজ্বলন কৰাৰ পিচতে তেওঁ আদৰণী ভাষণত কয় যে অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলত মছলা জাতীয় শস্যৰ উৎপাদন ভাল হয় । মানুহৰ আৰ্থিক আৰু সামাজিক অৱস্থা উন্নত কৰাৰ বাবে গাঁৱৰ মহিলাসকলক কৃষিৰ লগত জড়িত কৰি জীৱিকাৰ মান উন্নত কৰাৰ বাবে গ্ৰামীণ ছাহাৰাই কাম কৰি আহিছে । এই অনুষ্ঠানত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সঞ্চালিকা কৃষ্ণা বৰুৱাই মহিলা সকলৰ দ্বাৰা উৎপাদিত কৃষি সামগ্ৰী আৰু বস্ত্ৰৰ প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে । গ্ৰামীণ ছাহাৰাৰ প্ৰকল্প সঞ্চালক অমিয় কুমাৰ দাসে আঁত ধৰা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্হিত থাকি গ্ৰামীণ জীৱিকা অভিযানৰ সঞ্চালিকা কৃষ্ণা বৰুৱাই ভাষণ প্ৰসংগত কয় যে সাম্প্ৰতিক সময়ত মহিলা সকল কেৱল ঘৰুৱা কাম কাজত ব্যস্ত থাকিলে নহ’ব । তেওঁলোকে পৰিয়াল চলাবলৈ আয়ৰ পথ ল’ব লাগিব । তেওঁ আৰু কয় যে চৰকাৰি চাকৰি মানে লোকৰ চাকৰ হৈ থকাতকৈ নিজৰ ভৰিত থিয় দিব পৰাকৈ কাম কৰিব লাগে । আনৰ সমালোচনালৈ কৰ্ণপাত নকৰি ভাল কাম কৰিবলৈ ওলাই অহাৰ বাবে মহিলাসকলক তেওঁ আহ্বান জনাই । কৃষক মহিলাসকলৰ দ্বাৰা উৎপাদিত মছলা জাতীয় শস্য সমূহৰ পেকেজিং ভাল কৰিবলৈ আহ্বান জনাই মহিলাসকলৰ দ্বাৰা উৎপাদিত মছলাজাতীয় শস্য সমূহ ৰাজ্যৰ বাহিৰৰ প্ৰদৰ্শনীত বিক্ৰী কৰাৰ সুবিধা কৰি দিব বুলি কৈ মহিলা সকলক উৎসাহিত কৰে । মহিলাসকলক উদ্দেশ্য কয় যে উৎপাদন কৰি থাকিলে নহ’ব উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব লাগিব । মহিলাসকলে বনোৱা সামগ্ৰীবোৰ ধুনীয়া হব লাগিব বুলি কয় সঞ্চালিকা গৰাকীয়ে ।
আনহাতে জিলা কৃষি বিজ্ঞানী পৰাণ শইকীয়াই সভাত ভাষণ দি মছলাজাতীয় শস্যৰ খেতিৰে এটা পৰিয়ালক কেনেদৰে আয়ৰ পথ দিব পাৰে সেই সম্পৰ্কে মহিলা কৃষলসকলক বিস্তাৰিত ভাবে বুজাই দিয়ে । অনুষ্ঠানত মহিলা কৃষকসকলে বিহু নৃত্য তথা জেং বিহু পৰিৱেশন কৰে । এই মহিলা কৃষক সমাৰোহত অসম ৰাজ্যিক প্ৰজেক্ট মেনেজাৰ ধ্ৰৱ গগৈ, কামৰূপ জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষি বিজ্ঞ‍ানী পৰাণ শইকীয়া, আই আই ই ৰ প্ৰকল্প স্ফুৰ্টিৰ প্ৰকল্প মুৰব্বী ৰাজীৱ পাঠক, গ্ৰামীণ ছাহাৰাৰ কাৰ্যবাহী সঞ্চালক বিক্ৰমাদিত্য দাসৰ লগতে কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্হিত থাকে । উল্লেখ্য যে অনুষ্ঠানৰ অন্তত বগালাইন বাগানৰ আদৰ্শ মহিলা খেতিয়ক শৰ্মা ৰাভাক সম্বৰ্ধনা জনায় । আনহাতে, মহিলা কৃষক সমাৰোহ উপলক্ষে যোৱাকালি ক্ৰেতা-বিক্ৰেতা সমাৰোহ খন অনুষ্ঠিত হয় । এই ক্ৰেতা-বিক্ৰেতা সমাৰোহৰ লগত সংগতি ৰাখি মছলা জাতীয় শস্যৰ বজাৰৰ গতিশীলতা, সমস্যা, প্ৰত্যাহ্বান, সুবিধা ইত্যাদি সন্দৰ্ভত এখন আলোচনা চক্ৰ অনুষ্ঠিত হয় । এই আলোচনা চক্ৰ খনৰ আৰম্ভণিতে আদৰণি ভাষণ দিয়ে গ্ৰামীণ ছাহাৰা সচিব শৰৎ দাসে লগতে অনুষ্ঠানটোৰ আঁত ধৰে গ্ৰামীন ছাহাৰাৰ প্ৰকল্প সঞ্চালক অমিয় কুমাৰ দাসে ।  এই আলোচনা চক্ৰত স্পাইচ বৰ্ডৰ উপ-সঞ্চালক দ্বীজেন্দ্ৰ মোহন বৰ্মন, আবাদ এগ্ৰ’ প্ৰডিউচাৰ কোম্পানীৰ সঞ্চালক পুৰণ চেত্ৰী আৰু আন এজন সঞ্চালিকা তাৰা শৰ্মা, চিগমা স্পাইচ ইণ্ডাষ্টজ প্ৰাইভেট লিমিটেডৰ প্ৰডাকচন মেনেজাৰ টমাছ কাকতিৰ লগতে কেবাজনো বিশিষ্ট ব্যক্তি উপস্হিত থাকে ।
প্ৰেৰক: বিশ্বজিৎ কলিতা
You might also like