নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢেকিয়াজুলিত শ্বহীদ তীৰ্থত শান্তিপূৰ্ণভাৱে বিজয়া দশমী উদ্‌যাপন

ঢেকিয়াজুলি,১৫ অক্টোবৰ :শ্বহীদ নগৰী ঢেকিয়াজুলিত বিজয়া দশমীৰ দিনা দেখা গ’ল অপাৰ আনন্দ উল্লাস ৷বিজয়া দশমীৰ দিনা ঢেকিয়াজুলিৰ মাজমজিয়াৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে দেৱী দুৰ্গা মা ক বিসৰ্জন দিবলৈ ওলাই আহিল হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজ৷ঢেকিয়াজুলি ৰাজহ চক্ৰ এলেকাত অনুষ্ঠিত কৰা শতাধিক দুৰ্গা পূজাস্থলীৰ প্ৰতিমা বিসৰ্জন দিবলৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভিৰ কৰিলেহি ভক্তই ৷ঢেকিয়াজুলিৰ ষঠ ঘাটৰ লগতে ঢেকিয়াজুলিৰ বেলশিৰি আৰু গাভৰু নৈত প্ৰতিমা বিসৰ্জন দিয়া হয়। শ্বহীদ তীৰ্থত শান্তিপূৰ্ণভাৱে বিজয়া দশমী উদযাপন কৰা হয় ৷

কল্পজ্যোতি নাথ,ঢেকিয়াজুলি ৷

You might also like