নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানকাচৰত শান্তিপূৰ্ণ ভাবে দুৰ্গা পূজাৰ বিসৰ্জন

নিয়মীয়া বাৰ্তা, ১৫ অক্টোবৰ :- ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাত আজি মুঠ ১১ খন স্থানত ৪২ টা দুৰ্গা দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়া হয়।

কোভিড প্ৰটকল তথা চৰকাৰী নিৰ্দেশনা মানি বিয়লি ৫ বজাৰ পূৰ্বে পূজা সমিতি সমূহে জিলা খনত আজি দুৰ্গা দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়ে। দেৱী বিসৰ্জনৰ সময়ত ১১ খন স্থানত নদীৰ পাৰত যথেষ্ট ভীৰ হয়। দিনৰ ১ বজাতে পূজা মণ্ডৱৰ পৰা প্ৰতিমা লৈ বিসৰ্জনস্থলীলৈ ৰাওনা হয় পূজা সমিতি সমূহে। জিলা খনত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ তৎপৰতাত কটকটিয়া নিৰাপত্তাৰ মাজত অনুষ্ঠিত হয় বিজয় দশমী।

জিলাখনৰ সদৰ হাটশিঙিমাৰীৰ ভাৰত বাংলাদেশ সীমান্তবৰ্তী কোকৰাডাঙ্গাত ১১১ তম মহামায়া নগৰ দুৰ্গা দেৱী বিসৰ্জন দিয়া হয়। হিন্ধু মুছলমান সকল একেলগে এইদৰে ভাৰত বাংলাদেশ সীমান্তবৰ্তী ব্ৰহ্মপুত্ৰ নদীৰ পাৰত পূজা বিসৰ্জন দিয়াত বি এছ এফ সকলেও সহযোগিতা কৰে।

You might also like