নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিতাবৰত শতায়ু গৰকা মহিলা সৰু বাঘ বৰাৰ জন্ম দিন উদযাপন।

নিয়মীয়া বাৰ্তা ১৭ জানুৱাৰীঃ শতায়ু গৰকা এগৰাকী ধৰ্মপ্ৰাণ অমায়িক মহিলা। ১০৪ বছৰ বয়সতো কোনো ৰোগৰ সন্মুখীন নোহোৱাকৈ, জীৱন যুদ্ধত কতো হাৰ নমনাকৈ নিত‍্য নৈমিক ভাৱে পৰিয়ালৰ গুৰিধৰি থকা এই মহিলা গৰাকীয়েই হল তিতাবৰ বাঘৰ চুকৰ নিবাসী সৰু বাঘবৰা। বাৰীৰ শাক পাচলি,বন শাক তথা থলুৱা খাদ‍্য খাই শতবৰ্ষ অতিক্ৰম কৰা মহিলাগৰাকীৰ শতবাৰ্ষিকী জন্ম দিন যোৱা ১৬ জানুৱাৰীত দিনযোৰা কাৰ্যসূচীৰে বাঘৰ চুকৰ ৰাজহুৱা খেল পথাৰত উদযাপন কৰে।

মহিলাগৰাকীৰ ১২ জন নাতি জোঁৱাই,পৰিয়ালৰ উদ‍্যোগত, আত্মীয় স্বজন,তথা বাঘৰ চুক বাসীৰ সহযোগত পুৱা বেলাতেই গৃহৰ পৰা মহিলা গৰাকীক ৰাজহুৱা নামঘৰলৈ গায়ন বায়নৰে আদৰি আনে।ইয়াৰ পাছতেই নামঘৰত ৰাইজৰ আশীষলৈ নামঘৰৰ চৌহদত এটি নিম পুলি ৰোপন কৰি দিনজোৰা কাৰ্যসূচী শুভাৰম্ভ কৰে সৰু বাঘ বৰাই। ইয়াৰ পাছতেই মুকলি আকাশৰ তলত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি নিজৰেই জন্মদিনৰ কেক কাটে সৰু বাঘ বৰাই।উপস্হিত বিশিষ্ট ব‍্যক্তি সকলক উদ‍্যোক্তা সকলে আদৰণি জনোৱাৰ পাছতেই শিল্পী তৰুণ শইকীয়া,দীপক বৰুৱাৰ নেতৃত্বত গৰীমা দত্ত, অন‍্যনা শইকীয়া সংগীবৃন্দৰ বৰগীত পৰিৱেশনে আৰম্ভ কৰা অনুষ্ঠানত উদ্বোধনী ভাষণ প্ৰদান কৰে বয়োজ‍্যেষ্ঠ ব‍্যক্তি ভোলা শমাই।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ক্ৰমে শিক্ষাবীদ যোগেন দত্ত, ধৰ্মপ্ৰাণ ব‍্যক্তি প্ৰদীপ কূৰ্মী, প্ৰধান শিক্ষক পল্লৱ গগৈ, অধ‍্যাপক ড°প্ৰাঞ্জল বৰা, অভিযন্তা দীপক কোঁৱৰ,প্ৰদীপ গগৈ,অধ‍্যাপক পৰেশ বৰা,যোৰহাট নিম পুলি সংস্হাৰ সমন্বয়ক লক্ষ্য চাং গগৈ, কবি থানেশ্বৰ বৰা,প্ৰমুখ্যে বহু বিশিষ্ট ব‍্যক্তিয়ে অংশলৈ বক্তব‍্যত শতায়ু গৰকা মাতৃগৰাকীৰ আৰ্দশৰে অনুপ্ৰাণিত হবলৈ ৰাইজক আহবান জনায়।নাতি জোঁৱাই দিলীপ বৰাই আঁতধৰা অনুষ্ঠানত জ‍্যেষ্ঠপুত্ৰ লোকেশ্বৰ বাঘ বৰা,অনীল বাঘ বৰা ,ইন্দ্ৰ বাঘ বৰা, নাতি জোঁৱাই অশোক শইকীয়া,দীপক শইকীয়া, দীগেন বৰা,নীল বৰা,বুধেশ্বৰ শইকীয়া,ত্ৰিশূল শইকীয়া,মৃদুল সোনোৱাল, প্ৰাঞ্জল শইকীয়া,ৰাজু পানীকা প্ৰমুখ্যে দুই শতাধিক ৰাইজে অংশগ্ৰহণ কৰা অনুষ্ঠানত পিকুং বৰা,দীপক বৰুৱা সংগীবৃন্দই পৰিৱেশন কৰা দিহানামে ৰাইজক আপ্লুত কৰে।

প্ৰেৰকঃ প্ৰনৱজ্যোতি কলিতা,তিতাবৰ

You might also like