নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰত শীলা বৰঠাকুৰক স্মৰণ অনুষ্ঠানত মৃণালিনী দেৱী

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰ: ‘পৌৰাণিক কালত ঋষি–মুনিৰ আশ্রমত গৈ শিক্ষাথ্সকলে শিক্ষাগ্রহণ কৰিব লগা হোৱা হেতু নাৰীসকল সাধাৰণতে এই ব্যৱস্থাৰ পৰা পৰিস্থিতিগত কাৰণত বঞ্চিত হৈছিল৷ কিন্তু বর্তমানৰ আধুনিক যুগত সেই দিন নাই৷ এই বিজ্ঞানসন্মত যুগত নাৰীয়ে বিদ্যালয়ৰ পৰা বিভিন্ন উচ্চ শিক্ষানুষ্ঠানত সকলো বিষয়ত অধ্যয়ন কৰাৰ সুবিধা লাভ কৰি সফলতাৰ শিখৰত আৰোহণ কৰিবলৈ সক্ষম হৈছে৷ লিংগ বৈষম্যহীন সমতাৰ সমাজ গঢ়ি তোলাৰ ডদ্দেশ্যে নাৰী সবলীকৰণ আৰু ডত্তৰণৰ জৰিয়তে এখন উমৈহতীয়া নতুন সমাজ গঢ়াৰ প্রচেষ্টা চলোৱা হওক৷’– দেওবাৰে তেজপুৰত এইদৰে নাৰী সমাজৰ প্রতি আহ্বান জনায় অসম সাহিত্য সভাৰ ডপ–সভাপতি মৃণালিনী দেৱীয়ে৷

উল্লেখ্য যে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্রতিষ্ঠাপক সভানেত্রী পদ্মশ্রী ড০ শীলা বৰঠাকুৰৰ মৃত্যুবার্ষিকীৰ লগত সংগতি ৰাখি কালি তেজপুৰস্থ জিলা পুথিভঁৰাল প্রেক্ষাগৃহত দিনজোৰা কার্যসূচী ৰূপায়ণ কৰা হয়৷ লেখিকা সমাৰোহ সমিতিৰ কেন্দ্রীয় সমিতিৰ উদ্যোগত তথা তেজপুৰ শাখাৰ সহযোগত আয়োজিত মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱীয়ে আগবঢ়োৱা ভাষণত মনুসংহিতাৰ উল্লেখিত শাশ্বত কথা ব্যক্ত কৰি তাহানি বৈদিক যুগতে নাৰী বিশেষকৈ সহধর্মিণীসকলক কেনেদৰে মর্যাদা প্রদান কৰা হৈছিল, সেই সন্দর্ভত অৱগত কৰি পূর্বৰে পৰা প্রচলিত এই চিন্তাচর্চাৰে আগবাঢ়িলে ভৱিষ্যৎ জীৱনত কোনেও নাৰীসকলক পৃথিৱীত পৰাভূত কৰিব নোৱাৰিব বুলি কোৱাৰ লগতে নাৰী সবলীকৰণৰ সপোন দেখা ড০ শীলা বৰঠাকুৰক শ্রদ্ধাৰে স্মৰণ কৰে৷

সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কেন্দ্রীয় সভাপতি ড০ চাৰু চহৰীয়া নাথে সভাপতিত্ব কৰা মুকলি সভাখন উদ্বোধন কৰে কেন্দ্রীয় প্রাক্তন সভানেত্রী বিনীতা দত্তই আৰু আদৰণী ভাষণ পাঠ কৰে তেজপুৰ শাখাৰ সভানেত্রী মনোমতী কুম্য়ে৷ এই মুকলি সভাতে ড০ শীলা বৰঠাকুৰৰ জীৱন পৰিক্রমাক লৈ প্রকাশিত ‘যুগাগ্রগামী পদ্মশ্রী ড০ শীলা বৰঠাকুৰ’ শীর্ষক স্মাৰক গ্রন্থখন ডিব্রুগড় বিশ্ববিদ্যালয়ৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আসনৰ অৱসৰপ্রাপ্ত অধ্যাপিকা ড০ কৰবী ডেকা হাজৰিকাই উন্মোচন কৰে৷ উন্মোচনী ভাষণত ড০ ডেকা হাজৰিকাই বিদুষী মহিলা ড০ শীলা বৰঠাকুৰক স্মৰণ কৰাৰ লগতে প্রসংগক্রমে কয় যে যি সময়ত মহিলাসকলে হাতত হালধিৰ দাগ আৰু কোলাত কেঁচুৱা লৈ জীৱন পাৰ কৰাৰ পৰম্পৰা অব্যাহত ৰাখিছিল, সেই সময়তে ড০ শীলা বাইদেৱে নাৰীসকলক লিখা কার্যত জডিত হ’বলৈ উদগনি যোগাইছিল৷ যি ৰাজ্যৰ সকলো লেখিকাৰ বাবেই প্রাতঃস্মৰণীয়৷ কেন্দ্রীয় কার্যকৰী সভাপতি সুবর্ণ শইকীয়া বৰদলৈ আৰু কেন্দ্রীয় প্রধান সম্পাদিকা ড০ থুনু কলিতা প্রমুখ্যে ৰাজ্য বিভিন্ন প্রান্তৰ লেখিকাসকলে অংশগ্রহণ কৰা এই মুকলি সভাত ড০ শীলা বৰঠাকুৰৰ জীৱন পৰিক্রমাক লৈ প্রস্তুত কৰা তথ্যচিত্রও প্রদর্শন কৰা হয়৷ বিদুষী মহিলাগৰাকীৰ সুপুত্র ড০ সঞ্জীৱ বৰঠাকুৰে প্রস্তুত কৰি উলিওৱা এই তথ্যচিত্র ডপস্থিত সকলোৱে উপভোগ কৰি আপ্লুত হৈ পৰে৷ ইয়াৰ পিছত নলিনীবালা দেৱী, দর্পনাথ শর্মা, আনন্দ চন্দ্র বৰুৱা, গণেশ গগৈ, নৱ বৰুৱা প্রমুখ্যে বৰেণ্য ব্যক্তিসকলৰ ২০টা পুৰণি গীত ড০ শীলা বৰঠাকুৰৰ কণ্ঠত সংকলিত এখন শ্রাব্য চিডি উন্মোচন কৰে কলাগুৰু বিষু ৰাভা বঁটাপ্রাপক শিল্পী কৃষাদাস নাথে৷

আনহাতে, বিশিষ্ট ইতিহাসবিদ তথা অৱসৰপ্রাপ্ত অধ্যাপক ড০ সতীশ চন্দ্র ভট্টাচার্যই ‘লেখিকা’ শীর্ষক সমাৰোহ সমিতিৰ মুখপত্র ডন্মোচন কৰে৷ সভাপতিৰ আসনৰ পৰা ড০ চাৰু চহৰীয়া নাথে আগবঢ়োৱা বক্তব্যত প্রসংগক্রমে শীলা বাইদেৱে ১৯৭৪ চনতে সদৌ অসম লেখিকা সমাৰোহ সমিতি প্রতিষ্ঠা কৰি নাৰীসকলৰ বৌদ্ধিক উত্তৰণত যি অৱদান আগবঢ়ালে, সেই কথা লেখিকাসকলে কেতিয়াও নাপাহৰে বুলি মন্তব্য কৰে৷ শলাগ জ্ঞাপন কৰে কেন্দ্রীয় সমিতিৰ যুটীয়া সম্পাদিকা গীতাঞ্জলি কলিতাই৷ ইপিনে, আজি পুৱা পদ্মশ্রী ড০ শীলা বৰঠাকুৰৰ প্রতিচ্ছবিত পুত্র তথা সমিতিৰ শুভাকাংক্ষী ড০ সঞ্জীৱ বৰঠাকুৰে মাল্যার্পণ, মৃণালী চেতিয়া, কমলা বৰুৱা আৰু কনকলতা নেওগে বন্তি প্রজ্বলন আৰু ইয়াৰ পিছত স্মৃতি তর্পণ কৰে কেন্দ্রীয় আৰু শাখা সমিতিৰ বিষয়ববীয়া আৰু প্রতিনিধিবর্গই৷

You might also like