নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেউৰী স্বায়ত্বশাসিত পৰিষদৰ ১০ নং জোনাই (জনজাতি) পৰিষদীয় সমষ্টিৰ ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ

নিয়মীয়া বাৰ্তা, ২৬ আগষ্ট:: জোনাই মহকুমাধিপতিৰ কাৰ্যালয়ত শুকুৰবাৰৰ দিনটোত জোনাই মহকুমাধিপতি প্ৰদ্বীপ কুমাৰ দ্বিবেডীয়ে নিৰ্বাচনী বিষয়া গায়ত্ৰী পাতিৰ, ৰাজনৈতিক নেতা-কৰ্মী আৰু সাংবাদিকৰ উপস্থিতিত দেউৰী স্বায়ত্বশাসিত পৰিষদৰ ১০ নং (জনজাতি ) পৰিষদীয় সমষ্টিৰ ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয় ৷প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকাত দেউৰী স্বায়ত্বশাসিত পৰিষদৰ ১০ নং (জনজাতি)পৰিষদীয় সমষ্টিত মুঠ পাঁচটা ভোটাৰ কেন্দ্ৰত খচৰা ভোটাৰ সংখ্যা মুঠ ৮৪৩ গৰাকী ভোটাৰৰ নাম সন্নিৱিষ্ট হৈছে ৷ ইয়াৰে ৪৩৬ গৰাকী মহিলা ভোটাৰৰ বিপৰীতে পুৰুষ ভোটাৰৰ সংখ্যা ৪০৭ গৰাকী ৷ জোনাই মহকুমা নিৰ্বাচনী বিষয়া গায়ত্ৰী পাতিৰে জানিবলৈ দিয়া মতে অহা ২৬ ছেপ্টেম্বৰত চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব গতিকে অহা ১২ ছেপ্টেম্বৰৰ ভিতৰত ভোটাৰ তালিকাত নতুনকৈ নিজৰ নাম অন্তৰ্ভুক্তি আৰু ভোটাৰ তালিকাত থকা ভোটাৰৰ নাম বা আন যিকোনো তথ্য শুদ্ধ বা আঁসোৱাহ দূৰ কৰাৰ লগতে ভোট সলনি কৰিব পাৰিব বুলি জানিবলৈ দিয়ে৷

You might also like