নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত অতিৰিক্ত উপায়ুক্ত (নিৰ্বাচন) নিত্য বিনোদ ৱাৰীৰ সংবাদমেল

ভাৰতৰ নিৰ্বাচন আয়োগে যুৱ প্ৰজন্মক ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত প্ৰদান কৰা সুবিধা সমূহৰ ওপৰত আলোকপাত

নিয়মীয়া বাৰ্তা, ৩০ জুলাইঃ আজি ধুবুৰীস্থ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সংবাদমেল যোগে জিলাখনৰ অতিৰিক্ত উপায়ুক্ত (নিৰ্বাচন) নিত্য বিনোদ ৱাৰীয়ে জন প্ৰতিনিধিত্ব আইন, ১৯৫০ৰ সংশোধনৰ জৰিয়তে ভাৰতৰ নিৰ্বাচন আয়েগে যুৱ প্ৰজন্মক ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত প্ৰদান কৰা সুবিধাসমূহৰ ওপৰত আলোকপাত কৰে। উক্ত সংশোধনী অনুসৰি এতিয়াৰে পৰা ১৭ বছৰৰ অধিক বয়সৰ যুৱক যুৱতীসকলে বছৰত মুঠ চাৰিবাৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ সুবিধা পাব৷ পূৰ্বতে কেৱল ১ জানুৱাৰী তাৰিখে ১৮ বছৰ সম্পূৰ্ণ হোৱা যুৱক যুৱতীয়েহে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিব পাৰিছিল৷ ফলত ১ জানুৱাৰীৰ পিছত ১৮ বছৰত ভৰি দিয়াসকলে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে এবছৰ পৰ্যন্ত অপেক্ষা কৰিবলগীয়া হৈছিল৷ সেয়ে নিৰ্বাচন আয়োগে নতুন নিয়ম কৰি এতিয়াৰে পৰা ১ জানুৱাৰীৰ লগতে ১ এপ্ৰিল, ১ জুলাই আৰু ১ অক্টোবৰ তাৰিখে ১৮ বছৰত ভৰি দিয়া সকলকো ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ সুবিধা দিছে৷ অৰ্থাৎ পূৰ্বতে বছৰত এবাৰৰ পৰিৱৰ্তে এতিয়াৰে পৰা তিনি মাহৰ অন্তৰত ভোটাৰ তালিকাৰ সংশোধন হ’ব৷ যুৱ প্ৰজন্মৰ ভোটাৰ সকলে ৬ নং প্ৰ–পত্ৰ পূৰণ কৰি নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব৷ আনহাতে ৮ নং প্ৰ–পত্ৰ পূৰণ কৰি ভোটাৰ তালিকাত সংশোধন, ৭ নং প্ৰ–পত্ৰ পূৰণ কৰি ভোটাৰ তালিকাৰ পৰা নাম আতৰোৱা আৰু ৬(খ) নং প্ৰ-পত্ৰ পূৰণ কৰি আধাৰৰ সৈতে ভোটাৰ পৰিচয় পত্ৰৰ সংযোগ কৰিব পাৰিব৷ আজিৰ সেই সংবাদমেলখনত উপস্থিত থকা ধুবুৰীৰ নিৰ্বাচন বিষয়া মাছি তপ্ন’ই অ’ফলাইনৰ পৰিৱৰ্তে অনলাইনযোগে নাম পঞ্জীয়ন, সংশোধন আদি কৰাত অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায়।

প্ৰেৰকঃ অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী

You might also like