নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত আৰম্ভ কোভিডৰ সুৰক্ষাসূচক পালি প্ৰদান প্ৰক্ৰিয়া

নিয়মীয়া বাৰ্তা ১০ জানুৱাৰীঃ সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী জিলাতো আজিৰে পৰা কোভিডৰ সুৰক্ষাসূচক পালি প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ আজি জিলা স্বাস্থ্য আৰু প্ৰসূতি কেন্দ্ৰত ভেকচিন প্ৰদানৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে সুৰক্ষাসূচক পালি প্ৰদান আনুষ্ঠানিকভাৱে আৰম্ভ কৰে৷ জিলা অসামৰিক চিকিৎসালয়ত স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত নিত্য বিনোদ ৱাৰী আৰু স্বাস্থ্য বিভাগৰ ধুবুৰী জিলাৰ যুটীয়া সঞ্চালক ডা৹ ইমদাদ উল্লাহে সুৰক্ষাসূচক পালি প্ৰদানৰ শুভাৰম্ভ কৰে৷ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে সদৰি কৰা মতে সকলো স্বাস্থ্য সেৱাকৰ্মী, আগশাৰীৰ কৰ্মীক সুৰক্ষাসূচক পালি দিয়া হ’ব৷ যিসকল ব্যক্তিৰ বয়স ৬০ বা তাতকৈ বেছি আৰু যিসকলৰ দেহত কোনো ৰোগৰ উপসৰ্গ আছে তেওঁলোকে চিকিৎসকৰ পৰামৰ্শমতে এই পালি ল’ব পাৰিব৷ দ্বিতীয় পালি প্ৰতিষেধক লোৱাৰ ৯ মাহ অতিক্ৰম কৰা লোকসকলেও সুৰক্ষাসূচক পালি ল’ব পাৰিব বুলি অতিৰিক্ত উপায়ুক্তগৰাকীয়ে সদৰি কৰে৷ তেওঁ সুৰক্ষাসূচক পালি গ্ৰহণৰ বাবে যোগ্য সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনায়৷

You might also like