নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰোণাৰ সময়ত কি কি ধৰণৰ ঔষধ ঘৰত ৰাখিব

সমগ্ৰ দেশত কৰোণাৰ উদ্বেগজনক পৰিস্থিতি। ঘৰে ঘৰে সংক্রমণ। এই সময়ত সকলোৱে আৰু বেছি সচেতন হোৱাৰ প্রয়োজন। কৰোণা স্ফীতিৰ এই পর্যায়ত ভাইৰাছৰ ৰূপ আৰু বেছি সংক্রামক হৈছে, সেয়ে প্রস্তুতিৰ প্রয়োজন। এনে সময়ত কি কি ধৰণৰ ঔষধ ঘৰত ৰাখিব লাগে-

১। যদি সংক্রমণৰ প্রভাৱ সামান্য, তেন্তে সাধাৰণ ফ্লুৰ দৰে চিকিৎসাৰ প্রয়োজন। গতিকে সাধাৰণ জ্বৰ, কাহ, গাৰ বিষৰ বাবে পেৰাছিটামল ৰাখিব।
২। ভিটামিন চি, বি কমপ্লেক্স, ডি থ্রি তথা জিংক টেবলেট ৰখা প্রয়োজনীয়। লগতে পুষ্টিকৰ খাদ্যৰো দৰকাৰ।
৩। গৰম পানীৰে গার্গল আৰু ভাপ লোৱাৰ পৰামর্শ দিয়ে ডাক্তৰে। কিন্তু ভাপৰ বাবে কেপচুল (কার্ভল প্লাছ) ৰাখিব পাৰে।


৪। এন্টিবায়োটিক সহ এন্টিহিষ্টামিন (এলার্জী বা ৰেশ্বৰ বাবে)।
৫। গার্গল কৰিবলৈ বেটাডাইন মাউথ ওৱাছ।
৬। থার্মোমিটাৰ। প্রত্যি ৬ ঘণ্টাৰ মূৰে মূৰে জ্বৰ জুখি থাকিব।

৭। পালছ অক্সিমিটাৰ ৰাখিব লাগে। প্রতি ৬ ঘণ্টাৰ মূৰে মূৰে তেজৰ অক্সিজেনৰ মাত্রা জুখি থাকিব। শ্বাস লোৱাত কষ্ট হলে আৰু সঘনে জুখিব।
৮। যদি সদায় কোনো ঔষধ খায়, ১৪ দিনৰ ঔষধ একেলগে আনি ৰাখিব।
৯। ডায়বেটিক ৰোগীৰ ক্ষেত্রত ব্লাড গ্লুকোজ মিটাৰ ঘৰতে ৰাখিব।
১০। ৰক্তচাপ জোখা যন্ত্রও ৰাখিব। সদায়ে দুবেলাই জুখি থাকিব।
ইয়াৰ উপৰিও কোনো ঔষধ খোৱাৰ পৰিস্থিতি আহি পৰিলে সংশ্লিষ্ট চিকিৎসকৰ পৰামর্শ লৈহে আগবাঢ়িব।

You might also like