নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লিডুৰ মোলাং খামতি বৌদ্ধ বিহাৰত ইউ গুনাৱন্ত ভান্তেৰ ১০৩ সংখ্যক জন্মদিন উলহ মালহেৰে উদযাপন

নিয়মীয়া বাৰ্তা, ১২ নৱেম্বৰঃ বৌদ্ধ ধৰ্ম আৰু সংস্কৃতিৰ অন্যতম মহাৰথী ইউ গুনাৱন্ত ভান্তেৰ ১০৩ সংখ্যক জন্মদিন আজি অতি উলহ মালহেৰে উদযাপন কৰা হয় ৷ মাৰ্ঘেৰিটাৰ লিডুৰ মোলাং খামতি বৌদ্ধ বিহাৰত আজি পুৱাৰে পৰা অনুষ্ঠিত বৰ্ণাঢ্য অনুষ্ঠানটিত কেইবাশতাধিক ভক্তপ্ৰান ৰাইজে অংশগ্ৰহন কৰে ৷ সমাজৰ সৰ্বাঙ্গীন উন্নয়ন আৰু ভাতৃত্ববোধৰ স্বাৰ্থত আজীৱন ত্যাগ স্বীকাৰ কৰি অৱশেষত ২০১৮ চনত মহাপ্ৰয়ন ঘটা ইউ গুনাৱন্ত ভান্তেৰ ১০৩ সংখ্যক জন্মদিনটি আজি অতি উলহ মালহেৰে অনুস্থিত হৈ যায় ৷ সুদুৰ ম্যানমাৰৰ পৰা আহি অসমত ধৰ্ম প্ৰচাৰ কৰা তথা স্থানীয় ৰাইজৰ মাজত এক শক্তিশালী ভাতৃত্ববোধৰ ভেটি গঢ়ি যোৱা ইউ গুনাৱন্ত ভান্তেৰ অনুপস্থিতি সকলোৱে আজি উপলব্ধি কৰে ৷ অনুষ্ঠানটিত পূৰ্বাঞ্চল ভিক্ষু সমাজৰ বহুকেইজন বৌদ্ধ ভিক্ষু উপস্থিত থাকে ৷ নিশালৈ এহাজাৰ বন্তি প্ৰজ্বলনেৰে অনুষ্ঠান সামৰনি পৰিব ৷

উল্লেখ্য যে ১৯৫৩ চনত বাৰ্মা শাসন মিছনৰ জৰিয়তে ভগৱান বুদ্ধৰ বাণী প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অসমলৈ অহা ধৰ্মগুৰুগৰাকীয়ে প্ৰথমে মাৰ্ঘেৰিটাৰ ইনথেম আৰু পৰৱৰ্তী সময়ত ১৭শ শতিকাতে লিডুত স্থাপিত এটি সৰু বৌদ্ধ বিহাৰত থাকিবলৈ লয়। পিছত বিভিন্নজনৰ দান-বৰঙণিৰে তেওঁ আটক ধুনীয়াকৈ নিৰ্মাণ কৰা বৌদ্ধ বিহাৰটো এতিয়া অঞ্চলটোলৈ অহা দেশী-বিদেশী পৰ্যটকৰ অন্য আকৰ্ষণৰ কেন্দ্র বিন্দু। ১৯২৩ চনৰ ১২ নবেম্বৰত ম্যানমাৰৰ টাংগো চহৰৰ এটি সম্ভ্ৰান্ত পৰিয়ালত জন্ম গ্ৰহণ কৰা ইউ গুণাৱান্তা মহাথেৰেই ১৮ বছৰ বয়সত বৌদ্ধ ভিক্ষু প্ৰয়াত ইউ ৰাজিন্দৰ মহাথেৰৰ ওচৰত শ্ৰমণ দীক্ষা লৈ তপস্বীৰ ব্ৰত গ্ৰহণ কৰিছিল। বৃহত্তৰ উত্তৰ-পূৰ্বৰ বৌদ্ধ ভিক্ষুসকলৰ ভিতৰত শ্ৰেষ্ঠ ভান্তে আসনৰ গৰাকী এই ধৰ্মগুৰুয়ে ২০১১ বৰ্ষত ম্যানমাৰ চৰকাৰৰ দ্বাৰা ভান্তেসকলৰ সবাটোকে সন্মানীয় উপাধি ‘BHADADANTAN GUNAWUNTHA ABHIDAJA AGAAMAHA SADHANA JOTIKA’ লাভ কৰিছিল। ভান্তেগৰাকীৰ প্ৰতিটো জন্মদিন তেওঁৰ অনুৰাগীসকলে মৌংলাং বৌদ্ধ মন্দিৰত অনুষ্ঠিত কৰি আহিছে। ২০১৮ বৰ্ষত ১০০ বছৰীয়া জন্মদিন ব্যাপক ভাৱে উদ্যযাপনৰ প্ৰস্তুতি ভক্ত সকলে সম্পূৰ্ন কৰিছিলে যদিও মাত্ৰ দুটা দিন থকা অৱস্থাত তেওঁৰ মৃত্যু হোৱাত প্ৰতিজন ভক্তকে শোকাকুল কৰি তুলিছিল । তেখেতৰ মৃত্যুৰ পাছতো ভক্ত সকলে তেখেতৰ জন্মদিন অতি উলহ মালহেৰে উদযাপ কৰি আহিছে।

input: মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা

You might also like