নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী জিলাত সক্ৰিয় ক’ভিড সংক্ৰমিতৰ সংখ্যাই স্পৰ্শ কৰিলে সাতশৰ ঘৰ

নিয়মীয়া বাৰ্তা ১৮ জানুৱাৰীঃ ক’ভিডৰ তৃতীয় ঢৌত সমগ্ৰ ৰাজ্যৰ ল’গতে ধুবুৰী জিলাতো ক’ভিড ভাইৰাছৰ সংক্ৰমিত লোকৰ সংখ্যা ক্ৰমশঃ বৃদ্ধি পাবলৈ লোৱা দেখা গৈছে। কিন্তু তৎস্বত্বেও জিলাখনৰ সদৰ ধুবুৰীতেই চৰকাৰী ক’ভিড প্ৰট’ক’ল মানি নচলাৰ এছামৰ মানসিকতাই আগলৈ গৈ ধুবুৰীকে ধৰি সমগ্ৰ জিলাখনত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰো এক আশংকাৰ সৃষ্টি হৈছে। উল্লেখ্য যে, আজি ধুবুৰী চহৰৰ ’বিদ্যাপাৰা চৰকাৰী ল’ৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়’ত স্বাস্থ্য বিভাগে কৰা আৰএটি (RAT) পৰীক্ষাত বিদ্যালয়খনৰ শিক্ষাগুৰু আৰু শিক্ষাৰ্থীকে ধৰি মুঠ ১৯ গৰাকী ক’ভিড ভাইৰাছৰ সংক্ৰমণৰ ক’ৱলত পৰা বুলি পোহৰলৈ আহিছে। বিগত ২৪ ঘন্টাত জিলাখনত নতুনকৈ ২২১গৰাকী ব্যক্তি ক’ভিড সংক্ৰমিত হোৱা বুলি স্বাস্থ্য বিভাগৰ সূত্ৰে জানিব পৰা গৈছে। বৰ্তমানলৈ ধুবুৰী জিলাত সক্ৰিয় ক’ভিড আক্ৰান্তৰ সংখ্যা হ’ল ৭০৯ গৰাকী।

You might also like