নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রহ্মপুত্রত অস্বাভাৱিকভাৱে হ্রাস হৈছে জলস্তৰ; অফলামুখৰ ফেৰীঘাট স্থানান্তৰ: বন্ধ হৈছে দুখনকৈ ফেৰী

নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰ: খৰালি আৰম্ভ হোৱাৰ লগে লগে মাজুলীত অভাৱনীয়ভাৱে হ্রাস পাইছে ব্রহ্মপুত্রৰ জলস্তৰ৷ বর্তমান অফলামুখ ফেৰীঘাটত ৰ’পেক্সকে ধৰি মাজুলীৰ দিশৰ পৰা ১৩খনকৈ ফেৰী চলাচল কৰি আছে৷ জল পৰিবহণ বিভাগে যাত্রী পাৰাপাৰক লৈ ৰেম্প নির্মাণ কৰা, বালিময় চাপৰিত পথ নির্মাণ কৰাত ব্যস্ত থকা পৰিলক্ষিত দৈছে৷ আৰু দুই–এদিনত ৰেম্প বা পথ নির্মাণ হৈ নুঠিলে ফেৰীঘাটটো পূর্বৰ স্থানৰ পৰা ফেৰী চলাবলৈ বিভাগটোৱে সমস্যাৰ সন্মুখীন হ’ব৷ এতিয়া দিনে–নিশাই অফলামুখ ফেৰীঘাটত ৰ’পেক্স আৰু অন্যান্য ফেৰীসমূহ ৰাখিবৰ বাবে তিনিটাকৈ ৰেম্প নির্মাণৰ কাম জল পৰিবহণ বিভাগে পূর্ণগতিত চলাই থকা পৰিলক্ষিত হৈছে৷ ৰেম্পৰ সমান্তৰালভাৱে দুই–তিনি কিলোমিটাৰ পথ নির্মাণৰ কামো চলাই থকা দেখা গৈছে৷ কঁহুৱা, ইকৰা, মেটেকা পেলাই নির্মাণ কৰিছে এই পথটো৷ পূর্বৰ ঘাটটোৰ পৰা প্রায় তিনি কিলোমিটাৰ আগবঢ়াই নিব লগা হৈছে ফেৰী ঘাটটো৷

বর্তমান প্রায় এটা সুঁতিত পৰিণত হৈ পৰিছে ব্রহ্মপুত্র৷ বাৰিষাৰ সময়ত কালৰূপ ধাৰণ কৰা ব্রহ্মপুত্রৰ এই অস্বাভাৱিক ৰূপ দেখি চিন্তিত প্রকৃতিপ্রেমীসকলো৷ স্থানীয় লোকে এই প্রতিবেদকক কয়– পূর্বেও খৰালিৰ সময়ত নদীৰ পানী হ্রাস হোৱা দেখিছোঁ যদিও এইবর্ষত কিছু ব্যতিক্রম৷ আন বর্ষতকৈ বহুগুণ বেছিকৈ হ্রাস পাইছে ব্রহ্মপুত্রৰ জলস্তৰ৷ এনেদৰে খৰালিৰ সময়ত সুঁতিটোত এখন সাধাৰণ দলং আৰু বালিময় পথটো মাজুলীৰ ফালে আৰু নিমাতীৰ ফালে নির্মাণ কৰি দিলে যোৰহাটৰ সৈতে যাতায়াত একেবাৰেই সহজ হৈ পৰিব বুলি চর্চা চলিছে৷ ইতিমধ্যে চৰকাৰী ফেৰী ৰাজলক্ষ্মী আৰু ব্যক্তিগত ফেৰী প্রিয়ানুজৰ চলাচল বন্ধ হৈ পৰিছে৷ এইদৰে জলস্তৰ হ্রাস পাই থাকিলে দুই–এদিনতে ৰ’পেক্সৰ চলাচলো বন্ধ হৈ পৰাৰ সম্ভাৱনা প্রবল৷ বর্তমান বিভাগৰ লোকে দিনে–নিশাই জেচিবি, ট্রেক্টৰ আদি লগাই যাতায়াতৰ সুবিধা হোৱাকৈ সাময়িকভাৱে পথটোৰ নির্মাণ কার্য চলাই আছে যদিও বাইক আৰোহীসকল বহু সমস্যাৰ মুখামুখি হোৱাৰ সম্ভাৱনা আছে৷ ধূলিৰে এতিয়া ধুসৰ হৈ পৰিছে অফলামুখৰ যাতায়াত ব্যৱস্থা, যাত্রীসকলৰ স্বাস্থ্যৰ প্রতি লক্ষ্য ৰাখি জল পৰিবহণ বিভাগক এই পথটোত নিতৌ পানী দিয়াৰ ব্যৱস্থা ৰাখিবলৈও স্থানীয় ৰাইজে আহ্বান জনাইছে৷

You might also like