নগাঁও কৃষি বিভাগৰ দ্বাৰা কৃষকৰ মাজত শালিধানৰ কঠিয়া বিতৰণ বিধায়ক ৰূপক শৰ্মাৰ
নিয়মীয়া বাৰ্তা,২৪জুলাইঃ বিগত বৰ্ষত এমাহৰ অন্তৰতে অহা দুটাকৈ আৱতৰীয়া বানপানীয়ে আন আন জিলাৰ লগতে নগাওঁ জিলাতো এক বিস্তৰ ক্ষতি কৰিলে । ফলত জিলাখনত প্রায় ১৯,৮০০ হেক্টৰ খেতিবাৰি বানত নষ্ট হৈছে । কিছু পৰিমানে হলেও কৃষক ৰাইজক সকাহ দিবৰ বাবে অসম কৃষি বিভাগে শালিধানৰ কঠিয়াতলীৰ ব্যৱস্থা কৰিছে ৷ ইয়াৰ সমান্তৰালভাৱে নগাঁও জিলাতো ৯০ হেক্টৰ মাটিত জিলাখনৰ ১৮ টা স্থানত বাহাদুৰ চাব-১ আৰু বীনা ধান -১০ নামৰ দুটা উচ্চ উৎপাদনক্ষম জাতৰ শালিধানৰ সমূহীয়া কঠিয়াতলীক ধান সিচা সম্পূর্ণ কৰা হৈছে । আজি এই কঠিয়াতলীৰ পৰা উৎপাদন হোবা শালিধানৰ কঠিয়া বিতৰণৰ শুভাৰাম্ভ কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ৷ এই উদ্দেশ্যে আজি নগাওঁ সমষ্টিৰ অন্তর্গত ডাকৰঘাট গাওঁৰ কৃষকৰ মাজত বাহাদুৰ চাব-১ ধানৰ কঠিয়া বিতৰণ কৰা হয় । কৃষক সকলৰ মাজত কঠিয়া বিতৰণ কৰি বিধায়ক শৰ্মাই তেখেতৰ ভাষণত কয় সমূহ কৃষক ৰাইজক ন-উদ্যমেৰে পুনৰ কৃষি কাৰ্য্যত মনোনিৱেশ কৰিবৰ বাবে আহ্বান জনায় । অনুষ্ঠানত উপস্থিত থকা জিলা কৃষি বিষয় তৰুণ হাজৰিকাই জানিবলৈ দি কয় জিলাখনৰ ৰহা,কামপুৰ আদি অঞ্চলৰ কৃষক সকলৰ মাজতো পর্যায়ক্রমে এই বিনামূলীয়া কঠিয়া বিতৰণৰ ব্যবস্থা কৰা হব ৷ এই কার্য্যসূচীত উপস্থিত থাকে মহকুমা কৃষি বিষয়া ৰঞ্জন প্রসাদ ডেকা , এপাৰ্টৰ জিলা উদ্যানশস্য সমন্বয়ক পংকজ হাজৰিকা আৰু ডাকৰঘাট প্রগতিশীল কৃষক পলাশ প্রকাশ শইকীয়াকে আদি কৰি প্রায় ৫০ গৰাকী উদ্যমী কৃষক উপস্থিত থাকে ৷