নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাবাটৰ মুক্তিনগৰত ১৩ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ২৪ জুলাই : তিতাবৰ মহকুমাৰ নগাবাটৰ মুক্তিনগৰ বৰ নামঘৰৰ উদ্যোগত আজি কৃতি ছাত্ৰ-ছাত্ৰীৰ এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। মুক্তিনগৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত অনুষ্ঠানত গাঁওখনৰ পৰা উচ্চ আৰু উচ্চ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ১৩ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীক গামোচা, মানপত্ৰ, ফাইল, কিতাপ আদিৰে সম্বৰ্ধনা জনায়। উল্লেখ্য যে সমাজকৰ্মী সত্য নাৰায়ণ ৰবিদাসৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাত উদ্দেশ্য বাখ্যা কৰে জ্যেষ্ঠ শিক্ষক তথা গাঁওখনৰ সচেতন ব্যক্তি মহেন্দ্ৰ ৰাউতে। সভাত সন্মানীয় অতিথি হিচাপে শিক্ষক পবিত্ৰ প্ৰাণ বৰুৱা, শংকৰ মাধৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী হৰেন সন্দিকৈ, আৰক্ষী বিষয়া মনমোহন ৰাউত, সাংবাদিক অজয় শইকীয়া, চিকিৎসক ডাঃ ৰঞ্জিত ৰাউত, মুক্তিনগৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হৰেশ্বৰ দাস, স্থানীয় সচেতন ব্যক্তি জীতেন ৰবিদাস, গোবিন দুৱৰা, বাৰ্ড সদস্য কমল দাস আদি উপস্থিত থাকি কেইবাগৰাকীয়ে ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে। সভাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫% অধিক নম্বৰেৰে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা এগৰাকী ছাত্রক চিকিৎসক ডাঃ ৰঞ্জিত ৰাউতে সম্বৰ্ধনা পত্ৰ সহ পাঁচ হেজাৰ টকা নগদ ধন প্ৰদান কৰে। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই সঞ্জিত ৰবিদাসে। মুক্তিনগৰৰ সচেতন গাঁওবাসীৰ সহযোগত কৃতি ছাত্র-ছাত্ৰী সকলক অনুপ্ৰেৰণা যোগোৱাৰ উদ্দেশ্যি প্ৰতিবছৰে এনেদৰে সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে উদ্যোক্তাসকলে।

প্ৰেৰক : অজয় শইকীয়া, নগাবাট

You might also like