নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী নগৰ কমিটিৰ বাৰ্ষিক অধিবেশন সম্পন্ন

নিয়মীয়া বাৰ্তা,২৪ জুলাইঃ আজি ধুবুৰীৰ সত্য নাৰায়ণ ঠাকুৰবাৰী ভৱনত অনুষ্ঠিত হোৱা সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী নগৰ কমিটিৰ এখনি বাৰ্ষিক অধিবেশন অনুষ্ঠিত হৈ যায়। সেই উপলক্ষে অনুষ্ঠিত হোৱা এখন বিশেষ সভাত দিৱস অধিকাৰীক সভাপতি আৰু বিপুল প্ৰসাদক সাধাৰণ সম্পাদকৰূপে লৈ সংগঠনটোৰ ১৭ জনীয়া ধুবুৰী নগৰ কমিটি এখন গঠন কৰা হয়। উল্লেখ্যে যে, ধুবুৰীৰ ঠাকুৰবাৰী প্ৰাংগনত সীমান্ত চেতনা মঞ্চৰ পতাকা উত্তোলেনেৰে আজিৰ এই এদিনীয়া বাৰ্ষিক অধিবেশনখনৰ শুভাৰম্ভ ঘটে। ভাৰত মাতা পূজন আৰু সাংগঠনিক গীত পৰিৱেশনৰ পিছত আৰম্ভ হোৱা মূল সভাখনৰ আঁত ধৰে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী নগৰ সমিতিৰ বিদায়ী সভাপতি উদয়ন চক্ৰৱৰ্তীয়ে। সভাখনত উপস্থিত থকা সংগঠনটোৰ কাৰ্য্যকৰ্তাসকলৰ পৰিচয় পৰ্ব অনুষ্ঠানৰ পিছত আজিৰ সেই সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰা কৰা হয়। ধুবুৰী নগৰ কমিটিৰ বিগত কাৰ্য্যকালত অনুষ্ঠিত হোৱা কাৰ্য্যসূচীসমূহৰ সৱিশেষ জনোৱাৰ পিছত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ সভানেত্ৰী ড৹ প্ৰতিমা নিয়োগীয়ে সংগঠনটোৰ উদ্দেশ্য আৰু লক্ষ্যৰ ওপৰত আলোকপাত কৰি এক চমু ভাষণ দিয়ে। ইয়াৰ পিছত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী জিলা সমিতিয়ে নীৰিক্ষকৰূপে দায়িত্ব দিয়া অনুৰাগ নাহাটাৰ সঞ্চালনাত সভাখনত উপস্থিত থকা সকলোৰে সৰ্বসন্মতি ক্ৰমে সংগঠনটোৰ ১৭ জনীয়া ধুবুৰী নগৰ কমিটিখন গঠন কৰা হয়। উল্লেখ্য যে, আজিৰ এই সভাখনত উপস্থিত থকা সীমান্ত চেতনা মঞ্চৰ ৰাষ্ট্ৰীয় সহ–সংযোজক প্ৰদীপণে সংগঠনটোৰ ধুবুৰী নগৰ কমিটিৰ নৱ নিৰ্বাচিত কাৰ্য্যকৰ্তাসকলক শুভেচ্ছা জ্ঞাপন কৰে আৰু তেওঁলোকক আত্মনিয়োগৰ সমান্তৰালকৈ দায়বদ্ধতাৰে নিজৰ নিজৰ কৰ্তৱ্য পালন কৰাৰ বাবে আহ্বান জনায়। সংগঠনটোৰ ধুবুৰী নগৰ কমিটিৰ সাধাৰণ সম্পাদক বিপুল প্ৰসাদৰ শলাগৰ শৰাইৰ পিছত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰে আজিৰ এই বাৰ্ষিক অধিৱেশনখনৰ অন্ত পৰে। আজিৰ এই কাৰ্য্যসূচীত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী জিলা সমিতিৰ নৱনিৰ্বাচিত সভাপতি হেমন্ত কুমাৰ ৰয়, সাধাৰণ সম্পাদক বিশ্বজিত ৰায়কে ধৰি সংগঠনটোৰ জিলা আৰু ধুবুৰী নগৰ কমিটিৰ কাৰ্য্যকৰ্তা–সদস্যসকল উপস্থিত আছিল।

 

অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী,

You might also like