নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও জিলাৰ নৱনিযুক্ত উপায়ুক্ত কাৰ্যভাৰ গ্ৰহণ

নিয়মীয়া বাৰ্তা, ১২ নৱেম্বৰঃ আজি নগাঁও জিলাৰ নৱনিযুক্ত উপায়ুক্ত হিচাপে Shri Hivare Nisarg Gautam, IAS য়ে আনুষ্ঠানিক ভাৱে কাৰ্য্যভাৰ গ্ৰহন কৰে। এই অনুসৰি নগাঁও জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সভা-কক্ষত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত উপায়ুক্ত কাৰ্য্যালয়ৰ বিষয়া কৰ্মচাৰীসকলে বিদায়ী উপায়ুক্ত কবিতা পদ্মনাভনক শৰাই, গামোচাৰে বিদায় সম্বৰ্ধনা জনোৱাৰ লগতে নৱনিযুক্ত উপায়ুক্তগৰাকীক সমূহ বিষয়া কৰ্মচাৰীয়ে সম্বৰ্ধনা আৰু আদৰণি জনায়। এই সভাত নৱনিযুক্ত উপায়ুক্ত গৰাকীয়ে সকলোৰে সহায় সহযোগিতা কামনা কৰে আৰু বিদায়ী উপায়ুক্ত গৰাকীক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।

You might also like