নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত মহিলা-যুৱতীৰ নিৰ্যাতন সন্দৰ্ভত সজাগতা কৰ্মশালা

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰ: নগাঁও জিলা সমাজ কল্যাণ বিভিগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত আজি দিনযোৰা কাৰ্য্যসুচীৰে নগাঁৱৰ এলফিষ্টন বিৱাহ ভৱনত জিলা পৰ্যায়ৰ এখনি কৰ্মশালা অনুষ্ঠিত হয় ৷ সমাজত চলি অহা মহিলা যুৱতী সকলৰ মাজত চলি অহা বিভিন্ন নিৰ্যাতন সমূহৰ ওপৰত মহিলা যুৱতী সকলক ৰক্ষা কৰাৰ উদ্দেশ্যই এই এদিনীয়া কৰ্মশালা খনি আয়োজন কৰা হয় ৷ এই কৰ্মশালা খনিত বিশিষ্ট বক্তা হিছাপে উপস্থিত থাকে এছ. আৰ. চি. ডাব্লিউ ৰ ৰাজ্যিক প্ৰকল্প সম্বন্ধয়ক ৰুবি ভাগৱতীয়ে ৷

জিলা সমাজ কল্যাণ বিষয়া ৰুবি কলিতাই আদৰনি ভাষণ আগবঢ়োবা কৰ্মশালা খনিত বিশিষ্ট অতিথি হিছাপে উপস্থিত থাকে নগাঁৱৰ অতিৰিক্ত উপায়ুক্ত দেৱাহুতি বৰা,অধিবক্তা ধ্ৰুৱজ্যোতি শৰ্মা,অধিবক্তা শ্বেহনাজ চুলতানা,নগাঁৱৰ একক সহঅৱস্থান কেন্দ্ৰৰ বিষয়া তথা অৱসৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া প্ৰমিলা কন্দলি, গ্ৰাম বিকাশ পৰিষদৰ মুখ্য উপদ্দেষ্টা চিৰাজ উদ্দিন আহমেদ, খাগৰিজান সংহত শিশু প্ৰকল্প বিষয়া বিদ্যুত হাজৰিকা সহ সমাজ কল্যাণ বিভাগৰ কেইবাগৰাকীও বিষয়া- কৰ্মচাৰী উপস্থিত থাকে ৷ সভাত যুৱতী মহিলা সকলৰ নিৰ্যাতনৰ সন্দৰ্ভত অধিবক্তা ধ্ৰুৱজ্যোতি শৰ্মা আৰু শ্বাহনাজ চুলতানাই উপস্থিত দুই শতাধিক মহিলা- যুৱতীৰ মাজত সজাগতা মুলক পৰামৰ্শ আগবঢ়াই ৷ মহিলা-যুৱতী সকলৰ নিৰ্যাতনৰ সন্দৰ্ভত একক সহ অৱস্থান কেন্দ্ৰৰ সন্দৰ্ভত বিষদ ভাবে পৰাৰ্মশ আগবঢ়াই প্ৰত্যেক গৰাকী সমল ব্যক্তিয়ে ৷ আনহাতে,নিৰ্যাতনৰ সন্মুখত পৰা মহিলা যুৱতী সকলৰ সহায় হোবাকৈ এটি হেল্প লাইন নম্বৰ ১৮১ ৰ সহায় লবলৈ সকলোকে আহ্বান জনাই ৷ সজাগতা কৰ্মশালা খনিত প্ৰায় দুই শতাধিক মহিলা-যুৱতী উপস্থিত থাকে ৷

You might also like