নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও বাইপাছৰ বৰঘাটত পুনৰ ১০টা গৰু সহ বাহন জব্দ; গ্ৰেপ্তাৰ ২

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ গো সুৰক্ষা আইন কঠোৰভাৱে বলবৎ কৰাৰ সময়তে নগাঁৱৰ ৰাষ্ট্ৰীয় ঘাই পথেৰেই যোৰাবাট হৈ বাংলাদেশলৈ গৰুৰৰ অবৈধ সৰবৰাহ অব্যাহত আছে। আজিও নিশা প্ৰায় সাত বজাত নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী বৰঘাট বাইপাছত আৰক্ষীয়ে এখন বাহন সহ ১০টা গৰু জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে,আনদিনাৰ দৰে আজিও বৰঘাট বাইপাছত আৰক্ষীৰ নাক্কা বহুৱাই তালাচী চলাই আছিল।তেনে সময়তে নগাঁৱৰ বাইপাছেৰে ১০টা চোৰাং গৰু কঢ়িয়াই অনা এ এছ ০২চিচি ৩৯৫৩নম্বৰৰ টাটা ডি আই গাড়ী খন আৰক্ষীৰ জালত পৰে। লগে লগে আৰক্ষীয়ে টাটা ডি আই গাড়ীখনৰ লগতে গৰু কেইটাও জব্দ কৰে। আৰক্ষীয়ে টাটা ডি আই গাড়ী খনৰ চালক হবিবুল্লাহ আৰু হেণ্ডিমেন আব্বাছ আলীকো আটক কৰে। তেওঁ লোক দুয়োৰে ঘৰ চামগুৰিৰ বাজিয়াগাঁৱত।এই গৰু কেইটা চামগুৰিৰ কণোৱামাৰীৰ পৰা যোৰাবাটলৈ বুলি লৈ অহা হৈছিল। আৰক্ষীয়ে এই পশুধন কেইটা অবৈধ ভাৱে সৰবৰাহ কৰা চোৰাং গৰু সৰবৰাহকাৰী দলটোক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।

You might also like